Local, Vocal, Global

Assam Assembly : আজি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিন

নিউজ ডেস্ক, ১২ছেপ্টেম্বৰ : আজি অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ দ্বিতীয় দিন । সোমবাৰৰ পৰা আৰম্ভ হৈছিল বিধান সভাৰ শৰৎকালীন অধিৱেশন। নৱনিৰ্মিত বিধানসভা ভৱনত আৰম্ভ হৈছে এইবাৰৰ বিধান সভাৰ শৰৎকালীন অধিৱেশন(Autumn session of Assam Legislative Assembly to begin newly constructed building)। অসম বিধানসভাৰ নতুন ভৱনত সোমবাৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন । ১১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ চলিব অধিবেশন । এই অধিৱেশনত মুঠ ২৩ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে। ৮খন নতুন বিধেয়ক আৰু ১৫ খন সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা(Assam Assembly)।

প্ৰথম দিনৰ অধিবেশনত বিৰোধীয়ে লোড শ্বেডিঙৰ প্ৰসংগত বিধানসসভা উত্তাল হৈ পৰে আৰু সভা স্থগিতৰ প্ৰস্তাৱ আনে যদিও, ১৫ মিনিটৰ বাবে সদন স্থগিত ৰাখে পিছত আকৌ এই সন্দৰ্ভত আলোচনা কৰা হয় ৷ লোড শ্বেডিং তথা শক্তিখণ্ডৰ বিষয়ত বিৰোধীৰ প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

সোমবাৰে বিধানসভাৰ পূৰ্বে বিধানসভাৰ বাহিৰত দেখা গ’ল অখিল গগৈক অন্য ৰূপত । হাতত লেম্প আৰু বিচনী লৈ অখিল গগৈ কৰে প্ৰতিবাদ ।অধিৱেশনতো মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ মাজত চলিল বাকযুদ্ধ ৷ ইফালে বিগত ২৩ বছৰত অসমৰ পৰা মাত্ৰ বিদেশী বহিস্কাৰ কৰাৰ তথ্য বিধানসভাৰ মজিয়াত দাখিল কৰে মুখ্যমন্ত্ৰীয়ে ৷ বিধায়ক অখিল গগৈয়ে সোধা প্ৰশ্নৰ উত্তৰৰ তথ্য দাখিল কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ আজি অধিবেশনৰ দ্বিতীয় দিনা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷

ইফালে ১৩ ছেপ্টেম্বৰত পৰিপূৰক গ্ৰাণ্টৰ সন্দৰ্ভত মঞ্জুৰী ভোটিং অনুষ্ঠিত হ’ব । ১৪ ছেপ্টেম্বৰত বহুকেইখন চৰকাৰী বিধেয়ক উত্থাপন হ’ব । এই বিধেয়কসমূহৰ ভিতৰত পঞ্চায়তী আইন-১৯৯৪ সংশোধনী বিধেয়কো থকাৰ সম্ভাৱনা আছে(Assam Assembly session starts today in new building ) ।

ৰাজ্যিক কেবিনেটে ইতিমধ্যে পঞ্চায়তী আইনৰ সংশোধন কৰি গাঁও পঞ্চায়তৰ নিৰ্বাচন প্ৰতীক বিহীন কৰাকে ধৰি ভালেখিনি সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৩৫১ কোটি টকাৰ ব্যয় সাপেক্ষে বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে নিৰ্মাণ কৰা নতুন স্থায়ী ভৱনটোত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে বিধানসভাৰ শৰৎকালীন অধিৱেশন ।

লগতে পঢ়ক :Assam Assembly session : আজিৰে পৰা আৰম্ভ বিধান সভাৰ শৰৎকালীন অধিৱেশন