Local, Vocal, Global

ড্ৰ‍াগছ লৈথকা অবস্থ‍াত মৃত্যু যুবকৰ

ৰাজ্যৰ চাৰিওফালে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থকা সময়তে হাইলাকান্দিত সংঘটিত হল এক লোমহৰ্ষক ঘটনা। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সিমান্তৰ জামিৰাত ড্ৰাগছ সেৱন কৰি থকা অবস্থাত মৃত্যু হল এগৰাকী যুবকৰ। আজি আনুমানিক ২ বজাত জামিৰা বজাৰত থক‍া এটা শৌচাগাৰৰ পৰা উদ্ধাৰ হয় সুজাম উদ্দিন বড়ভূঞা নামৰ এগৰাকী যুবকৰ মৃতদেহ।