Local, Vocal, Global

Drugs, Cigarettes Worth Over Rs 5 Crore Seized : মিজোৰামত জব্দ বুজন পৰিমাণৰ হেৰ’ইন আৰু বিদেশী চিগাৰেট

নিউজ ডেস্ক, ১৪জানুৱাৰী : পুনৰ জব্দ বুজন পৰিমাণৰ হেৰ’ইন আৰু বিদেশী চিগাৰেট । চুবুৰীয়া ৰাজ্য মিজোৰামত জব্দ হেৰ’ইন আৰু বিদেশী চিগাৰেটখিনি(Drugs, Cigarettes Worth Over Rs 5 Crore Seized) ।

অব্যাহত আছে চুবুৰীয়া ৰাজ্য মিজোৰামত অসম ৰাইফলছৰ অভিযান । এইবাৰ অভিযানত অসম ৰাইফলছে জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন আৰু বিদেশী চিগাৰেট জব্দ ।

উল্লেখ্য যে, শুকুৰবাৰে গোপন তথ্যৰ ভিত্তিত চুবুৰীয়া ৰাজ্য মিজোৰামৰ দুটা পৃথক ঠাইত অসম ৰাইফলছে অভিযান চলাই আৰু চাম্পাই জিলাৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী।

জানিব পৰা মতে, অসম ৰাইফলছৰ অভিযানত লালৰিন ডিকি নামৰ এগৰাকী মহিলাৰ পৰা ৫২ টা হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।‌ বাকচ কেইটাৰ পৰা মুঠ ৬২৮ গ্ৰাম হেৰʼইন জব্দ কৰে অসম ৰাইফলছে। জব্দকৃত হেৰ’ইন খিনিৰ মূল্য ৪ কোটি ৩৯ লাখ ৬০ হাজাৰ টকা। ধৃত মহিলা গৰাকীৰ ঘৰ চাম্পাই জিলাৰ জোখাথৰত বুলি জানিব পৰা গৈছে(Huge Quantity of Heroin and Foreign Cigarettes Recover in Mizoram) ।

ইফালে অসম ৰাইফলছৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, অসম ৰাইফলছে আন এক অভিযান চলাই চাম্পাই জিলাৰ পৰা ৯৫ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰে। জব্দ কৰা চিগাৰেটৰ মূল্য প্ৰায় ১ কোটি ২৩ লাখ ৫০ হাজাৰ টকা ।‌ অসম ৰাইফলছে জব্দকৃত হেৰ’ইন আৰু মহিলা গৰাকীক চাম্পাই আৰক্ষীক গতাই দিয়াৰ বিপৰীতে চিগাৰেট সমুহ আবকাৰী বিভাগত গতাই দিয়া হয়(Drugs, cigarettes worth over Rs 5 crore seized from Champhai district)।

লগতে পঢ়ক : Congress Leader Mallikarjun Kharge appointed INDIA bloc chief : মল্লিকাৰ্জুন খাৰ্গেক মিত্ৰজোঁট I.N.D.I.A ৰ অধ্যক্ষ হিচাপে নিযুক্তি