Local, Vocal, Global

Congress Leader Mallikarjun Kharge appointed INDIA bloc chief : মল্লিকাৰ্জুন খাৰ্গেক মিত্ৰজোঁট I.N.D.I.A ৰ অধ্যক্ষ হিচাপে নিযুক্তি

নেশ্যনেল ডেস্ক, ১৪জানুৱাৰী : শনিবাৰে অনুষ্ঠিত হয় ইণ্ডিয়া গোটৰ এক ভাৰ্ছুৱেল বৈঠক। শনিবাৰৰ বৈঠকত বিভিন্ন দলৰ মাজত ৰাজ্য ভিত্তিক আসন বুজাবুজিৰ বিষয়ত আলোচনা কৰা লগতে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিষয়ে আলোচনা কৰে(Congress Leader Mallikarjun Kharge appointed INDIA bloc chief) ।

শনিবাৰে অনুষ্ঠিত হোৱা বৈঠকৰ মাজতে বিৰোধী মিত্ৰজোঁটে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক অধ্যক্ষ হিচাপে নিযুক্তি দিছে । যিয়ে বিৰোধী মিত্ৰজোঁটক নেতৃত্ব দিব ।

উল্লেখ্য যে,শনিবাৰে বিহাৰৰ মুখ্যমন্ত্ৰী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰে বিৰোধী মিত্ৰজোঁটৰ ভাৰ্ছুৱেল বৈঠকত ‘ইণ্ডিয়া’ ব্লকৰ অধ্যক্ষ পদৰ অনুৰোধ নাকচ কৰে ।

সূত্ৰ অনুসৰি, বিৰোধী মিত্ৰজোঁটৰ এগৰাকী অধ্যক্ষ নিযুক্তি দিয়াৰ বাবে আলোচনা কৰা হৈছিল । তেতিয়া জেডিইউৰ মুৰব্বীৰ নাম উত্থাপিত হৈছিল । কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ নাম নীতিশৰ স্থানত প্ৰস্তাৱিত হৈছিল । নীতিশ কুমাৰে মিত্ৰশক্তিক জোৰ দিছিল যে অধ্যক্ষগৰাকী কংগ্ৰেছ দলৰ পৰা হ’ব লাগে । লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ শাসকীয় পক্ষক পৰাজিত কৰাৰ লক্ষ্যৰে বিৰোধী দলবোৰে গুৰুত্বপূৰ্ণ ভাৰ্ছুৱেল বৈঠক আৰম্ভ কৰে । য’ত আসন ভাগ-বাটোৱাৰাৰ বিতৰ্কিত বিষয়টোও আলোচনা হয়(Congress chief Mallikarjun Kharge appointed as chairperson) ।

বৈঠকত আসন ভাগ-বাটোৱাৰাৰ উপৰিও ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ আৰু মিত্ৰজোঁট সম্পৰ্কীয় অন্যান্য বিষয়সমূহো এই আলোচনাত স্থান লাভ কৰে । তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জী শনিবাৰৰ বৈঠকত অংশ লোৱা নাছিল কিয়নো তেওঁ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচীত ব্যস্ত আছিল । নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ মুৰব্বী শৰদ পাৱাৰে মুম্বাইৰ পৰা ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বৈঠকত অংশগ্ৰহণ কৰে আৰু একেদৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ নেতা এম কে ষ্টেলিন আৰু চেন্নাইৰ জ্যেষ্ঠ নেতা কানিমোঝি কৰুণানিধিও বৈঠকত অংশ লয় ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া ব্লকৰ দলসমূহে আসন ভাগ-বাটোৱাৰাক লৈ আলোচনা আৰম্ভ কৰিছে । শনিবাৰে দলসমূহৰ ভাৰ্ছুৱেল বৈঠকো অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক : Road Accident in Khanapara : খানাপাৰাত চিমেণ্ট ভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত