Local, Vocal, Global

Drugs caused suicide : ড্ৰাগছ খাবলৈ নাপাই আত্মহননৰ পথ বাছি ল’লে এজন যুৱকে

মৈৰাবাৰী, ১১ জুন : ড্ৰাগছ আসক্ত যুৱকৰ চৰম সিন্ধান্ত । সম্প্ৰতি ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজানা নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কবলত পৰা দেখা যায়। ড্ৰাগছ ক্ৰয় কৰিবৰ বাবে প্ৰয়োজনীয় পইছাৰ অভাৱত বহু সময়ত বিভিন্ন ধৰণৰ অপৰাধ পৰ্যন্ত কৰিবলৈয়ো পিছহুহকি নাযায় তৰুণ-তৰুণী । ড্ৰাগছৰ কবলত পৰিলে অতি সহজেই শৰীৰ আৰু মন নিচাগ্ৰস্ত হৈ পৰে।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে মৈৰাবাৰী হাতীমূৰীয়া গাৱঁৰ আশ্বিক ইলাহী নামৰ ড্ৰাগছ আসক্ত যুৱকে সংঘটিত কৰিছে এক উদ্বেগজনক ঘটনা ৷

ড্ৰাগছ খাবলৈ অভিভাৱকক পইচা বিচাৰিছিল যুৱকজনে (Drug addiction) । অভিভাৱকে পইচা নিদিয়াৰ বাবেই চৰম সিদ্ধান্ত বাচি ল’ লে ড্ৰাগছ আসক্ত যুৱকজনে । এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মৈৰাবাৰী জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাৱঁত । হাতীমূৰীয়াৰ ছাগলতলাৰ যুৱকজনে ড্ৰাগছ সেৱন কৰিৰলৈ বিচৰাত পইচা নাপাই আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।

শিক্ষক আবুল হাসিমৰ একমাত্ৰ পুত্ৰ আছিল আশ্বিক ইলাহী । পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি আশ্বিক ইলাহীয়ে দীৰ্ঘ দিন ধৰি ড্ৰাগছ সেৱন কৰি আহিছিল। ৩২ বছৰীয়া যুৱকজনে ড্ৰাগছৰ লগত জড়িত হৈ পৰাৰ পিছত পৰিয়ালৰ লোকে বহু চেষ্টা কৰিছিল ড্ৰাগছ আসক্তৰ পৰা ঘূৰাই আনিবলৈ । কিন্তু কোনোপধ্যেই ড্ৰাগছৰ কবলৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে যুৱকজনক ।

উল্লেখ্য যে প্ৰায়ে টকা বিচাৰি উদ্ভণ্ডালি কৰে ঘৰত । অৱশেষত শনিবাৰে নিশা প্ৰায় ১১:৩০ মান বজাত নিজৰ শোৱাকোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় আশ্বিক ইলাহীক । ইটিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মৰিগাঁও জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । এই ঘটনাই পৰিয়ালবৰ্গক ব্যথিত কৰি তোলাৰ লগতে সচেতন মহলক চিন্তিত কৰি তুলিছে ।

উল্লেখ্য যে প্ৰায়ে টকা বিচাৰি উদ্ভণ্ডালি কৰে ঘৰত । অৱশেষত শনিবাৰে নিশা প্ৰায় ১১:৩০ মান বজাত নিজৰ শোৱাকোঠাত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় আশ্বিক ইলাহীক । ইটিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মৰিগাঁও জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । এই ঘটনাই পৰিয়ালবৰ্গক ব্যথিত কৰি তোলাৰ লগতে সচেতন মহলক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক : Road accident in Darrang : দলগাঁৱত সংঘটিত হোৱা পথ দুৰ্ঘটনা নিহত এজন কিশোৰ