Local, Vocal, Global

drugs and peddler arrests in bongaigaon : বঙাইগাঁৱত ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আটক মহিলা সৰবৰাহকাৰী

নিউজ ডেস্ক,৩০ এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ সোমবাৰে ৰাজ্যৰ দুঠাইৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী(drugs and peddler arrests in bongaigaon) ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁৱৰ মাণিকপুৰত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । মাণিকপুৰত সোমবাৰে জব্দ প্ৰায় ডেৰ লক্ষাধিক টকা মূল্যৰ হেৰ’ইন সহ গ্ৰেপ্তাৰ এগৰাকী মহিলা এজন সৰবৰাহকাৰী । ধৃত মহিলাগৰাকীৰ ঘৰ বঙাইগাঁও জিলাৰ ১ নং নাচনগুৰিত ।ধৃত মহিলাগৰাকীয়ে AS 17B 6919 নম্বৰৰ আল্ট্ৰা বাছখনেৰে বৰপেটা অভিমুখে লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰে মহিলাগৰাকীক। আৰক্ষীয়ে মহিলাগৰাকীৰ মোবাইল ফোন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে । জব্দকৃত হেৰ’ইনসমূহৰ বজাৰ মূল্য ডেৰ লক্ষাধিক টকা ৷

জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত মাণিকপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণিময় তামুলীৰ নেতৃত্বত চলোৱা অভিযানত জব্দ কৰা হয় ৯৬ টা হেৰ’ইন ভৰ্তি প্লাষ্টিক কণ্টেইনাৰ ৷