Local, Vocal, Global

মৰিগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ মৰিগাঁৱত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। মৰিগাঁৱৰ মৈৰাবাৰীত আৰক্ষীৰ গুলীচালনাত আহত হয় এজন ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ গুলীত আহত হোৱা ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম জেহিৰুল ইছলাম।

লাহৰিঘাটত আৰু মৰিগাঁও আৰক্ষীৰ যুটীয়া অভিযানত ৩৯০ গ্ৰাম হেৰইনসহ গ্ৰেপ্তাৰ কৰা হয় ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোক। ড্ৰাগছ সৰবৰাহৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰিছিল জেহিৰুলৰ লগতে আন দুজনক।

গ্ৰেপ্তাৰ পিছত নিশা নিজ গৃহত লুকাই থোৱা ড্ৰাগছ দেখুৱাবলৈ যাওঁতে পলায়নৰ চেষ্টা কৰিছিল জেহিৰুলে। আৰক্ষীয়ে ভৰিত গুলিয়াই ৰখাবলৈ চেষ্টা কৰাত গুলীবিদ্ধ হয় জেহিৰুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো।

গুলীবিদ্ধ জেহিৰুল ইছলামক আৰক্ষীয়ে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ততাতৈয়াকৈ ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

উল্লেখযোগ্য যে পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ অপৰাধত কেইবাবাৰো জে’লত যাবলগীয়া হৈছিল ধৃত মৈৰাবাৰীৰ এই জেহিৰুল ইছলাম নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজন।