Local, Vocal, Global

Drug smugglers arrested in kamrup : কামৰূপত ড্ৰাগছসহ আটক সৰবৰাহকাৰী

নিউজ ডেস্ক,২০জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ।

ৰাজ্যজুৰি প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ পিচতো গা ল’ৰা নাই একাংশ সৰবৰাহকাৰীৰ ৷ প্ৰতিদিনে সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰী ।

ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ কামৰূপ চলি আছে নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় । ড্ৰাগছ উপদ্ৰৱত অতিষ্ঠ হৈ কামৰূপত এইবাৰ ৰাইজে চলালে অভিযান ।

শুকুৰবাৰে নিশা কামৰূপৰ সোণতলীত ৰাইজে চলাই ড্রাগছ বিৰোধী অভিযান।অভিযানত ৰাইজে সেলেসুঁতিৰ পৰা ড্রাগছসহ এজন সৰবৰাহকাৰী আটক কৰে। আটক কৰা সৰবৰাহকাৰীটো মোবাৰক আলী বুলি জানিব পৰা গৈছে। ধৃত মোবাৰক আলী এটা ড্রাগছ ব্যৱসায়ী(Drug smugglers arrested in kamrup)।

মোবাৰকৰ পৰা এখন বিলাসী বাহনসহ ১টা ড্রাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৰাইজে।

ধৃত মোবাৰক আলীক ৰাইজে সোণতলী আৰক্ষীক চমজাই দিয়ে।

লগতে পঢ়ক : Guwahati Women Injured In Leopard Attack : কালাপাহাৰত নাহৰফুটুকীৰ আক্ৰমণত আহত মহিলা