Local, Vocal, Global

Assam police shot drug Smuggler : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা

মৰিগাওঁ, ১২জুলাই : ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা। এইবাৰ মৰিগাঁৱত এনকাউণ্টাৰ ঘটনা। কুখ্যাত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা । বৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম। ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত এনেদৰে শিপাই গৈছে, যাৰবাবে ধ্বংস গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্ম।

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি ক্ৰমাগত বৃদ্ধি পাইছে। যাৰ ফলত ধ্বংস হবলৈ ধৰিছে পৰিয়াল,যুৱ প্ৰজন্মৰ স্বাস্থ্য আৰু কেৰিয়াৰ। ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । ৰাজ্যৰ শাসনলৈ আহিয়েই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Assam police shot drug Smuggler) ৷

নিতৌ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আছে এই সমূহ ঘটনাই। আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে।এইবাৰ ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা (Assam police shot drug Smuggler)।

ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক গুলীচালনা ঘটনা ৷ পুনৰ আৰক্ষীৰ গুলীচালনা ড্ৰাগছ সৰবৰাহকাৰীক ওপৰত । বুধবাৰে পুৱতি নিশা সংঘটিত এই ঘটনাটো । বুধবাৰৰ পুৱতি নিশা মৰিগাঁও ধৰমতুলৰ বৰবৰীত আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ মাফিয়া ৷ ধৃত ড্ৰাগছ মাফিয়াজনৰ নাম মফিজুল হক বুলি জানিব পৰা গৈছে (Assam police shot drug Smuggler)।

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে নিশা সোণাপুৰৰ টোলগেটত AS01BL2211 নম্বৰৰ এখন হোণ্ডা চিটি বাহনৰ সৈতে ১৪৫ তা বাকচত প্ৰায় ১.৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ জব্দ কৰিবলৈ সক্ষম হয় গুৱাহাটী STFয়ে। ড্ৰাগছ সহ আৰক্ষীৰ জালত পৰা কুখ্যাত ড্ৰাগছ মাফিয়া গুৱাহাটী গাড়ীগাঁৱৰ মফিজুল হক।

আৰক্ষীৰ এই অভিযানৰ সময়তে ড্ৰাগছ মাফিয়া মফিজুল হকে আৰক্ষীৰ কনিষ্টবল ইন্দ্ৰজিত গগৈ নামৰ এজন আৰক্ষীক আক্ৰমণ কৰি পলাবলৈ চেষ্টা কৰে আৰু এনে সময়তে আৰক্ষীয়ে গুলীচালনা কৰে ড্ৰাগছ মাফিয়াজনলৈ । আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় মফিজুলক হক । আহত মফিজুলক আঁহতগুৰি ৰাজ্যিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা কৰা হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়( Drug smuggler shot in encounter in Morigaon) ।

আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই সমগ্ৰ ঘটনাৰ বিষয়ে বিৱৰি কয় যে,সোমবাৰে কুখ্যাত ড্ৰাগছ মাফিয়া মফিজুল হকক গুৱাহাটী কামৰূপ মহানগৰী আৰক্ষী আৰু STF য়ে ড্ৰাগছসহ আটক কৰিবলৈ সক্ষম হয় ।

ধৃত ড্ৰাগছ মাফিয়া মফিজুলৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটী এছটিএফ আৰু মৰিগাঁও আৰক্ষীয়ে অধিক ড্ৰাগছ উদ্ধাৰ বাবে মফিজুলক লগত লৈ ধৰমতুল থানাৰ অন্তৰ্গত বৰবড়িত অভিযান চলাই আৰু এই অভিযানৰ সময়তে বুধবাৰৰ পুৱতি নিশা প্ৰায় ২ বজাত সোণাপুৰৰ টোলগেটত AS 01 BL 2211 নম্বৰ এখন হোণ্ডা চিটি বাহনৰ সৈতে ১৪৫ টা বাকচত প্ৰায় ১.৫ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰে ।

কিন্তু বৰবড়িত অভিযান চলোৱাৰ সময়তে মফিজুলে ইন্দ্ৰজিত গগৈ নামৰ আৰক্ষীৰ কনিষ্টবল এজনক আক্ৰমণ কৰে আৰু তেওঁৰ AK47 বন্দুকটো কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল ৷ মফিজুলে বন্দুক কাঢ়ি আৰক্ষীক গুলীয়াই পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীচালনা কৰে ৷

আৰক্ষীৰ গুলীত ধৃত ড্ৰাগছ মাফিয়া মফিজুলৰ সোঁ ভৰিত আঘাত হানে ৷ আঘাতপ্ৰাপ্ত মফিজুলক আহতগুৰি ৰাজ্যিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাই পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ।

ইফালে মফিজুলৰ আক্রমণত আঘাতপ্ৰাপ্ত হয় আৰক্ষীৰ কনিষ্টবল ইন্দ্ৰজিত গগৈ আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে আৰক্ষীৰ কনিষ্টবল ইন্দ্ৰজিত গগৈ ।

লগতে পঢ়ক : Rupahihat Murder Case : পুত্ৰৰ প্ৰহাৰত মৃত্যু ৫০ বছৰীয়া নিজ মাতৃৰ