Local, Vocal, Global

ড্ৰাগছ আসক্তই বিছাৰিছে মুখ্যমন্ত্ৰী আৰু ৰাইজৰ সহায়

নিউজ ডেস্ক, ২৩ জুন : যুৱ প্ৰজন্মৰ মাজত দিনক দিনে ড্ৰাগছৰ প্ৰতি আসক্তি বৃদ্ধি পাই আহিছে । ড্ৰাগছৰ প্ৰতি আসক্তিয়ে কেনেদৰে এজন ব্যক্তিৰ লগতে পৰিয়ালক ধ্বংসৰ গৰাহলৈ নিব পাৰে সেয়া পলমকৈ হ’লেও বুজি পালে নগাঁৱৰ নিতুৱে।

অজানিতেই নিতু পৰিছিল ড্ৰাগছ্ ৰ কৱলত ৷ যাৰবাবে নিতুৰ ঘৰখন একপ্ৰকাৰে ধ্বংসৰ গৰাহলৈ আগবাঢ়ি গৈছে ৷ সেয়া পলমকৈ হ’লেও বুজি পালে নিতুয়ে ৷ সেয়ে নিতু ভাল হ’ব বিচাৰে ৷

যুৱকজনে নিজেই জনালে যে “মই ড্ৰাগছ্ খাইছিলো, মই এতিয়া ভাল হ’ব বিচাৰো। মোক সহায় কৰক৷”

চৰকাৰী নিচামুক্ত কেন্দ্ৰত নিতুয়ে প্ৰায় এমাহ ধৰি চিকিৎসা গ্ৰহণ কৰি ঘৰলৈ উভতি আহিছিল ৷ কিছুদিন থিকেই আছিল কিন্তু ক্ৰমান্বয়ে নিতুৰ ড্ৰাগছ্ ৰ প্ৰতি আসক্তি বাঢ়ি গৈছে ৷ ড্ৰাগছ্ নাপালে নিতুৰ শাৰীৰিক মানসিক বহু সমস্যাই দেখা দিয়ে ৷

যাৰ বাবে নিতুৰ মাতৃগৰাকীয়ে সমাধান বিচাৰি নগাঁও চহৰৰ অলিয়ে গলিয়ে ঘুৰিছে ৷ কাষ চাপিছে আৰক্ষীৰো৷ এটাই আশা লৰাটোক ভাল হোৱাত সহায় কৰক ৷ আৰ্থিকভাৱে জুৰুলা মাতৃগৰাকী বৰ্তমান অপাৰগ হৈ পৰিছে পুত্ৰৰ চিকিৎসা ব্যয় কৰিবলৈ ৷ সেয়ে মাতৃগৰাকীয়ে সংবাদমাধ্যমৰ জড়িয়তে সকলোলৈকে আহ্বান জনালে যে পুত্ৰক ঘুৰাই আনিবলৈ সকলোৱে সহায় কৰক ৷