Local, Vocal, Global

Dr. Padmeswar Gogoi passed away : বিশিষ্ট বিজ্ঞানী,লোক সংস্কৃতিৰ গৱেষক তথা অধ্যাপক ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান

নিউজ ডেস্ক,১২মে’ : বিশিষ্ট বিজ্ঞানী,লোক সংস্কৃতিৰ গৱেষক তথা অধ্যাপক ড° পদ্মেশ্বৰ গগৈৰ দেহাৱসান । শনিবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট বিজ্ঞানী গৰাকীয়ে।

ইতিমধ্যে গুৱাহাটীৰ পৰা গোলাঘাটস্থিত বাসগৃহলৈ লৈ যোৱা হৈছে নশ্বৰ দেহ। বিশিষ্ট গৱেষক আৰু চিন্তাবিদ গৰাকীক মৃত্যুৰ খবৰে এতিয়া শোকস্তব্ধ কৰি তুলিছে বোকাখাতবাসীক। বোকাখাত নাট্য মন্দিৰ পৰিচালনা সমিতিয়ে বিশিষ্ট গৱেষক আৰু চিন্তাবিদ গৰাকীলৈ বোকাখাত নাট্য মন্দিৰৰ সন্মুখত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে(Dr. Padmeswar Gogoi passed away)।

লগতে বোকাখাত মহকুমা সাংবাদিক সন্থা,ভাৰতীয় গণনাট্য সংঘ,প্ৰয়াস অধ্যয়ন চক্ৰ,জীপাল কৃষক শ্ৰমিক সংঘ,বোকাখাত জাতীয় বিদ্যালয়, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয়,চি এন বি কলেজ,বোকাখাত জে,ডি,এছ,জি কলেজ,ব্যৱসায়িক সন্থা, বোকাখাতৰ জেষ্ঠ নাগৰিকৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা দল সংগঠনেও শ্ৰদ্ধাঞ্জলি জনায়।

লগতে পঢ়ক : Assam Youth Dies in Bengaluru : বিদ্যুৎস্পৃষ্ট হৈ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ