উত্তৰ প্ৰদেশৰ বাৰাবাঁকীত ডবল ডেকাৰ বাছৰ সংঘৰ্ষ, কমেও ৮ জনৰ মৃত্য়ু

নিউজ ডেক্স,২৫ জুলাই : আজি উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত ডবল ডেকাৰ বাছৰ সংঘৰ্ষত ৮ জন লোকৰ মৃত্যু হয় আৰু প্ৰায় ২০ জন আহত হয়।
৩ জন লোক সংকটজনক বুলি জানিব পৰা গৈছে আৰু চিকিৎসাৰ বাবে লক্ষ্ণৌৰ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে।
ডবল ডেকাৰ বাছখন লোনিকট্ৰা আৰক্ষী থানাৰ স্থানৰ নৰেন্দ্ৰপুৰ মাদ্ৰাহা গাঁৱৰ ওচৰৰ আন এখন বাছত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুয়োখন বাছ বিহাৰৰ পৰা দিল্লীলৈ গৈ আছিল।
বাৰাবাঁকীৰ আৰক্ষী অধীক্ষক (SP) মনোজ পাণ্ডেয়ে কয় যে, বিহাৰৰ সীতামাঢ়ীৰ পৰা অহা বাছখনে নৰেন্দ্ৰপুৰ মাদ্ৰাহা গাঁৱৰ ওচৰৰ পিছফালৰ পৰা স্থিৰ বাছখনত খুন্দা মাৰে। মৃতসকলক চিনাক্ত কৰাৰ প্ৰচেষ্টা চলি আছে, SP য়ে কয় যে, আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে য’ৰ পৰা গুৰুতৰভাৱে আহতসকলক লক্ষ্ণৌৰ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰি দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি যোগী আদিত্যনাথে টুইট কৰে”পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত সংঘটিত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাটো অতি দুখজনক। দ্ৰুত সাহায্য আৰু উদ্ধাৰ অভিযান আৰু আহতসকলৰ সঠিক চিকিৎসাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিয়া হৈছে,”।