Watch | Doomdooma news: ডুমডুমা ৬নম্বৰ চুক্ৰেটিং পথাৰ গাঁৱত বানপানীৰ ফলত ক্ষতিগ্ৰস্ত বাহঁৰ দলং
ডুমডুমা: ডুমডুমা বিধানসভা সমষ্টিৰ ৬ নম্বৰ চুক্ৰেটিং পথাৰ গাঁৱত এখন বাহঁৰ ভগা দলঙে জ্বলা কলা খুৱাইছে গাঁৱখনৰ শতাধিক পৰিয়ালক । বছৰ বছৰ ধৰি গাঁওবাসীয়ে পকেটৰ ধনেৰে বাহঁৰ দলঙখন নিৰ্মাণ কৰি আহিছে যদিও কালিৰে পৰা অহা প্ৰচণ্ড বৰষুণৰ ফলত ডুমডুমা নদী পানীৰে উপচি পৰি বাহঁৰ দলঙখন বেকা হৈ পৰাত নিদ্ৰাহৰণ হৈছে গাওঁবাসীৰ । দলঙখন নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক গাঁওবাসীয়ে আবেদন নিবেদন কৰি আহিছে যদিও দলঙখন নিৰ্মাণ কৰি নিদিয়াত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । বিগত সময়ত উক্ত দলঙেৰে যাতায়ত কৰোতে দুজনকৈ ব্যক্তিৰ মৃত্যু হোৱাৰ দৰে ঘটনাও সংঘটিত হৈছে যদিও কানসাৰ নাই স্থানীয় জনপ্ৰতিনিধিৰ ।