ৰাতি আপোনাৰ টোপনি নাহে নেকি? চিন্তা নকৰিব,কৰক এইকেইটা ঘৰুৱা প্ৰতিকাৰ…

ডিজিটেল ডেস্কঃ-আজি কালি প্ৰায় মানুহৰ মুখতেই এটা কথা শুনা যায় অনিদ্ৰা বা টোপনি নোহোৱাৰ কথা।দুৰ্বল জীৱনশৈলী,চাপ আদিৰ বাবে যেন বহুলোকৰ ক্ষেত্ৰত এই সমস্যাটো স্বাভাৱিক হৈ পৰিছে।ৰাতি টোপনি নহা আৰু টোপনি আহিলেও শুই উঠা সময়লৈকে বহুবাৰ টোপনি ভাঙি যায়।এইবোৰ সমস্যাৰ বাবে গোটেই দিনটো শৰীৰটো সুস্থ হৈ নাথাকে আৰু মানসিক চাপ অনুভৱ কৰে।এনে সমস্য়াৰ ফলত মানুহে হতাশা,উদ্বেগ,অত্যাধিক চাপ আদিৰ সমস্যা হবলৈ ধৰে।যদি আপুনি এই সমস্যাত সন্মুখীন হৈছে তেন্তে আপুনি এই সমস্য দুৰ কৰিবলৈ কিছুমান ঘৰুৱা প্ৰতিকাৰ ব্যৱহাৰ কৰিব পাৰে।আহক আজি আমি এই বিষয়ে জানি লওঁ।
ধ্যান কৰক শান্ত আৰু এডোখৰ নিৰ্জন ঠাইত বহক আৰু গভীৰ উশাহ লওক। আপোনাৰ চকু বন্ধ কৰি উশাহ অনুভৱ কৰক। এই প্ৰক্ৰিয়াটো আপুনি ৫ মিনিটৰ পৰা আৰম্ভ কৰি ইয়াক ২০ মিনিটলৈকে উন্নীত কৰক। যদি আপুনি এনেকুৱা কৰে তেনেহলে, আপুনি দেখিব যে আপোনাৰ চাপ হ্ৰাস পাইছে আৰু আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। এনে কৰিলে আপোনাৰ টোপনি উন্নত হ’ব আৰু কোনো সমস্যা নোহোৱাকৈ আপুনি ৰাতি টোপনি যাব ।
শুৱাৰ আগত কিছু লঘু সংগীত শুনিব,কোঠাটোত এটা লাইট জ্বলাব।
পাৰিলে কুহুমিয়া গৰম পানীত গা ধুব ই আপোনাৰ ভাগৰ ধুই পেলাব।
মন্ত্ৰ আৰু জপ মনটো শান্ত কৰাৰ এইটো এটা ভাল উপায়। যদি আপুনি ৰাতি শুব নোৱাৰে তেন্তে মন্ত্ৰ এটা জপ কৰক। যদি আপুনি কোনো মন্ত্ৰ নাজানে, আপুনি ওমঃ জপ কৰিব পাৰে। নিমিষতে আপুনি ভাল অনুভৱ কৰিব আৰু ৰাতি সুন্দৰ টোপনি যাব।
ভাল টোপনিৰ বাবে প্ৰতিদিনে ২০ মিনিটৰ বাবে যোগাভ্যাস কৰক। ই আপোনাৰ পেশীবোৰ শিথিল কৰে আৰু আপোনাৰ মগজু শীতল কৰি ৰাখে।
টোপনিৰ আগত আপুনি আলমণ্ড বা দৈ খাব পাৰে ই মেলাট’নিন নিৰ্গত কৰাত সহায় কৰে।