ড’নাল্ড ট্ৰাম্পৰ টুইট ব্লক কৰিলে টুইটাৰে
মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অন্তিম পৰ্যায়৷ বিশ্ববাসীৰ চকু এইমুহূৰ্তত আমেৰিকাৰ ওপৰত৷ আৰু কিছুসময়ৰ পিছতে নিশ্চিত হ’ব অহা ৪ বছৰৰ বাবে কোনে নেতৃত্ব দিব আমেৰিকাক৷ এইমুহূৰ্তলৈ ৰিপাব্লিকান ট্ৰাম্প আৰু ডেম’ক্ৰেটিক বাইডেনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা৷ অতিকে আকৰ্ষণীয় হৈ উঠা মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ অন্তিম পৰ্যায়ত হঠাৎ বিতৰ্কৰ সৃষ্টি হৈছে ড’নাল্ড ট্ৰাম্পৰ এটা টুইটক কেন্দ্ৰ কৰি৷ স্বয়ং টুইটাৰ কৰ্তৃপক্ষই ব্লক কৰি দিবলগীয়া হৈছে ড’নাল্ড ট্ৰাম্পৰ এই বিতৰ্কিত টুইট৷ স্বাভাৱিকতে প্ৰশ্ন উঠিছে ট্ৰাম্পৰ এই টুইটটোৰ বিষয়বস্তুক লৈ৷ এটা টুইটৰ জৰিয়তে বৰ্তমানৰ মাৰ্কিন ৰাষ্ট্ৰপতি তথা এই নিৰ্বাচনৰ ৰিপাব্লিকান প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্পে অভিযোগ কৰিছিল যে বিৰোধীপক্ষই ট্ৰাম্পৰ সপক্ষে আহিব ধৰা ভোট চুৰি কৰিছে৷ টুইটটোত ট্ৰাম্পে উল্লেখ কৰিছিল যে আমি বিশাল বিজয়ৰ দিশে আগবাঢ়িছো৷ ভোটদানৰ নিৰ্ধাৰিত সময় পাৰ হোৱাৰ পিছত কোনেও ভোট দিব নোৱাৰে৷ আমি কাকো এনে অবৈধ কাম কৰিবলৈ নিদিও৷ এই টুইটৰ দ্বাৰা ড’নাল্ড ট্ৰাম্পে আওপকীয়াকৈ তেওঁৰ বিৰোধী তথা ডেম’ক্ৰেটিক প্ৰাৰ্থী জ’ বাইডেনৰ বিৰুদ্ধে ভোট চুৰি কৰাৰ অভিযোগ আনিছিল৷ পিছে এইসময়ত ট্ৰাম্পৰ এই টুইট অতিকে স্পৰ্শকাতৰ বুলি গণ্য কৰে টুইটাৰ কৰ্তৃপক্ষই আৰু লগে লগে প্ৰবল প্ৰতাপী ট্ৰাম্পৰ টুইটটো ব্লক কৰি দিয়া হয়৷