ধৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী চিকিৎসক সোনমণি ভূঞা
বৰ্তমান সমাজত ধৰ্ষণ যেন এক নিয়মিত ঘটনা হৈ পৰিছে।সমাজখন যিমানেই আধুনিকতা তথা প্ৰযুক্তিৰ দিশত আগবাঢ়িছে সিমানেই হত্যা, ধৰ্ষণ ইত্যাদিৰ দৰে অমানৱীয় কাৰ্যকলাপো বৃদ্ধি পোৱা দেখা গৈছে।কেতিয়াবা হয়তো চলন্ত বাছত,কেতিয়াবা আকৌ কৰ্মক্ষেত্ৰত,আকৌ কেতিয়াবা শিক্ষা অনুষ্ঠানত।মুঠৰ ওপৰত এগৰাকী নাৰী সুৰক্ষিত নহয়।
কোভিড-১৯ ৰ ভয়ংকৰ প্ৰতিক্ৰিয়াৰ মাজতে চিকিৎসা সেৱাৰ দৰে এক পৱিত্ৰ বৃত্তিত জড়িত ডিব্ৰুগড়ৰ কোভিড সেৱাত নিয়োজিত এ এম চিৰ এজন চিকিৎসকে এগৰাকী সহকাৰী চিকিৎসকক নাৰ্ছিং হোমতে ধৰ্ষণ কৰা ঘটনাই সমগ্র অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।আজি ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিকিৎসক গৰাকী হৈছে ডাঃ সোনমণি ভূঞা।পেছাত ডিব্ৰুগড় অসম মেডিকেল কলেজ AMCH ৰ চাৰ্জাৰী বিভাগৰ পঞ্জীয়ক।
শাৰীৰিক সম্পৰ্কৰ উপৰিও ধৰ্ষিতা চিকিৎসক গৰাকীক আপত্তিজনক ফটোৰে বিভিন্ন ধৰণে ব্লেকমেই’ল কৰাৰো অভিযোগ উত্থাপিত হৈছিল।
আৰক্ষীয়ে ডিব্ৰুগড় থানাত ১২৪৭/২১ নম্বৰৰ ভাৰতীয় দণ্ড বিধিৰ ৪০৬/৩৭৬/৩৮৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তৎকালেই ডাঃ সোনমণি ভূঞাক গ্ৰেপ্তাৰ কৰে।