মেট্ৰিক ফেইল কৰিও ১২ বছৰে কৰিলে চিকিৎসকৰ চাকৰি

মেট্ৰিক ফেইল কৰিও ১২ বছৰে কৰিলে চিকিৎসকৰ চাকৰি।ডিব্ৰুগড়ত গ্ৰেপ্তাৰ ভুৱা চিকিৎসক।ডিব্ৰুগড় জিলাৰ মোকলবাৰী চাহ বাগিচা আৰু তিনিচুকীয়া চহৰৰ চেইন লুকছ হাস্পতালত দীৰ্ঘদিন চিকিৎসা কৰি থকা এজন ভুৱা চিকিৎসকক চাবুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।ভুৱা চিকিৎসকজনৰ প্ৰকৃত নাম চাইমন নাগ ওৰফে ৰূবেন নাগ।
ছিংগাপুৰত কাম কৰি থকা ডাঃ ষ্টিফেন এন্থনী নামৰ এজন চিকিৎসকৰ পৰিচয় চুৰ কৰি ভুৱা চিকিৎসকগৰাকীয়ে চিকিৎসক হিচাপে পৰিচয় দি আহিছিল।২০০৯ চনৰ পৰা তেওঁ চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছে আৰু ২০১৮ চনত মোকালবাৰী চাহ বাগিচাত যোগদান কৰাৰ আগতে কেইবাখনো চাহ বাগিচাত সেৱা আগবঢ়াইছিল। ৰোগীসকলৰ মাজতো বহুত জনপ্ৰিয় আছিল ডাঃ ষ্টিফেন এন্থনী ওৰফে চাইমন নাগ।আৰক্ষীয়ে জনোৱা অনুসৰি,ভুৱা চিকিৎসক চাইমনে ২০০৩ চনত ডিব্ৰুগড়ৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা তেওঁৰ দশম শ্ৰেণীৰ পৰীক্ষাত সামগ্ৰিকভাৱে মাত্ৰ ১৩৭ নম্বৰ লাভ কৰিছিল।