Local, Vocal, Global

গ্ৰেপ্তাৰ হ’ব নেকি প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প !

ডিজিটেল ডেস্ক:- আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে।ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এটা পোষ্টত নিজৰ বিষয়ে লিখি কয় যে অহা সপ্তাহৰ মঙলবাৰে ৰিপাব্লিকান দলৰ আগশাৰীৰ প্ৰাৰ্থী তথা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰা হ’ব। মানহাটান জিলা এটৰ্নীৰ কাৰ্যালয়ৰ পৰা ”লিক”ৰ ভিত্তিত অহা সপ্তাহৰ মঙলবাৰে গ্ৰেপ্তাৰ হব বুলি দাবী কৰিছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।লগতে পোষ্ট জৰিয়তে ট্ৰাম্পে তেওঁৰ সমৰ্থকসকলক একত্ৰিক হৈ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাই।

চলিত বৰ্ষৰ আৰম্ভণিতে মানহাটান জিলা এটৰ্নী এলভিন ব্ৰেগৰ কাৰ্যালয়ে ২০১৬ চনৰ নিৰ্বাচনৰ বাবে ট্ৰাম্প ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ সময়ত ট্ৰাম্পৰ প্ৰাক্তন ব্যক্তিগত অধিবক্তা আৰু ফিক্সাৰ মাইকেল কোহেনে পৰ্ণ তাৰকা ষ্টৰ্মি ডেনিয়েলছক দিয়া ১ লাখ ৩০ হাজাৰ ডলাৰৰ ধনৰ তদন্ত কৰা গ্ৰেণ্ড জুৰীৰ সন্মুখত প্ৰমাণ দাখিল কৰিবলৈ আৰম্ভ কৰিছিল।