টকা দি চাকৰি নোলোৱাৰ সংগ্ৰামখন ঘৰে ঘৰে কৰক, দুই এটা মিডিয়াই উৎপাত কৰিছে

নিউজ ডেস্ক, ১১ ছেপ্তেম্বৰ : ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত মুখ খেলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
টকা নোখোৱা সংগ্ৰাম খন ঘৰে ঘৰে আৰম্ভ হ’ব লাগিব। অসমত আমি দুৰ্নীতি, চান্দা সংস্কৃতি বন্ধ কৰাৰ এটা চেষ্টা কৰিছো।
ৰাইজে আমাক সহযোগ কৰিব লাগিব। সংবাদমাধ্যমৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব লাগিব।
দুই এটা মিডিয়াই উৎপাত কৰিছে। টকা লোৱা কেইটাই চাকৰি দিব পাৰিব নেকি?
সকলোৰে মানসিকতাত এটা কথা সোমবালৈ গ্ৰেপ্তাৰ কৰা হৈছে। টকা নিদিবলৈ দেউতাক-মাকে লৰা-ছোৱালীক মানা কৰিব লাগিব। হতাশাগ্ৰস্ত ৰাজনৈকতিক দলে উৎপাত কৰিছে।