দীপাৱলীৰ প্ৰাকমুহূৰ্তত ৰাজ্যত জব্দ হৈছে বৃহৎ পৰিমাণৰ আতচবাজী

দীপাৱলীৰ প্ৰাকমুহূৰ্ত্তত ৰাজ্যত জব্দ হৈছে বৃহৎ পৰিমাণৰ আতচবাজী। চিৰাংৰ বাসুগাঁৱত চিৰাং আৰক্ষীৰ অভিযানত বাসুগাঁৱত অবৈধ ভাৱে মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ আতচবাজী ফটকাৰ গুদাম ছীল। এক বিশেষ সুত্ৰৰ পম খেদি চিৰাং জিলাৰ উপআৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত আৰু বাসুগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তৰুণ কুমাৰ চিৰিঙৰ সহযোগত অভিযান চলাই থানা ৰোড থুৰিবাৰীৰ জনবহুল এলেকাত ৰূপক চৌধুৰী নামৰ এজন ব্যবসায়ীৰ গুদামত ৮০০ খন কাৰ্টন ভৰ্তি অতি জ্বলনশীল আতচবাজী ফটকা জব্দ কৰে I এজন ব্যবসায়ীৰ গুদামত ৮০০ খন কাৰ্টন ভৰ্তি অতি জ্বলনশীল আতচবাজী ফটকা জব্দ কৰে I অভিযানকাৰী আৰক্ষীৰ দলটোয়ে ব্যবসায়ী জনৰ পৰা বৃহৎ পৰিমাণৰ আতচবাজ মজুত কৰি ৰখাৰ নথিপত্ৰ বিচাৰে যদিও ব্যবসায়ী জনে সেয়া দেখুৱাব’লৈ অসমৰ্থ হয় । তেতিয়া আৰক্ষীয়ে গুদাম খনৰ মালিক তথা ফটকা ব্যবসায়ী ৰূপক চৌধুৰীক আৰক্ষীয়ে আটক কৰি থানাত লৈ যায় । পৰবৰ্তী সময়ত জিলা দণ্ডাধীশ জগদীশ ব্ৰহ্মৰ উপস্থিতি আৰক্ষীয়ে গুদাম ঘৰ খন ছীল কৰি দিয়ে ।