Local, Vocal, Global

Komal Vohra আৰু Raftaarৰ বিবাহ বিচ্ছেদ

নিউজ ডেস্ক, ২৪ জুন : বলীউডৰ গায়ক-Rapper ৰফতাৰ আৰু তেওঁৰ পত্নী,Interior Designer কোমল ভোহৰাই বিবাহৰ ছয় বছৰৰ পিছত বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছে।

খবৰ অনুসৰি, ২০১৬ চনত বিবাহ পাশত আৱদ্ধ হোৱা Komal Vohra আৰু Raftaarএ ২০২০ চনত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। পৰৱৰ্তী সময়ত কোভিড-১৯ মহামাৰীৰ ফলত বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াত পলম হয়।

দম্পতীহালৰ ঘনিষ্ঠ সূত্ৰৰ মতে ” দম্পতীহালৰ বিবাহৰ অলপ সময়ৰ পিছতে সমস্যাৰ উদ্ভৱ হ’বলৈ ধৰিলে। মহামাৰীৰ ফলত সকলো বিলম্বিত হৈছিল। তেওঁলোকে অৱশেষত ৬ অক্টোবৰত বিবাহ বিচ্ছেদৰ কাগজত স্বাক্ষৰ কৰিব “।

ব্যক্তিজনে লগতে কয়, দুয়োজনে তেওঁলোকৰ ব্যক্তিগত জীৱনত আগবাঢ়ি গৈছে আৰু দম্পতীহালে তেওঁলোকৰ পৰিয়ালৰ সৈতে একেলগে জড়িত হৈ আছে। কেৱল ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালেই এই বিষয়ে অৱগত।

২০১১ চনত এজন বন্ধুৰ ঘৰত প্ৰথম লগ পোৱাৰ সময়ত ৰফতাৰ আৰু কোমলৰ প্ৰথম দেখাতেই প্ৰেমত পৰিছিল। পাঁচ বছৰ Dating কৰাৰ পিছত তেওঁলোক ২০১৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল।