বৰ্ষাশ্ৰীক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ

নিউজ ডেক্স ,১৮জুলাই : কিছুদিন পূৰ্বে ফেছবুকত বিতৰ্কিত পোষ্ট দি জেইলত থকা বৰ্ষাশ্ৰীক লৈ সোমবাৰে পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে- বৰ্ষাশ্ৰীয়ে কবিতা লিখাৰ বাবে জে’ললৈ যোৱা নাছিল, “স্বাধীন অসম” বুলি এটা টেগ লাইন লিখাৰ বাবে হে কাৰাগাৰত আছে ৷
লগতে তেওঁ কয় যে ”বৰ্ষাশ্ৰী সৰু ছোৱালী, তাইৰ সৈতে আমি অভিভাৱকৰ ভূমিকা পালন কৰিছোঁ। আলফাত নোযোৱাৰ নিশ্চয়তা দিলে মুকলি কৰাত সহায় কৰিম বুলি মন্তব্য় কৰে ভাস্কৰজ্যোতি মহন্তই।
আবেগত উটি ভাঁহি যাওক, কিন্তু নিষিদ্ধ সংগঠনৰ ফালে মন মেলিব নালাগে।বৰ্ষাশ্ৰীক মুকলি আকাশৰ তললৈ আহিবলৈ অসম আৰক্ষীয়ে সহায় কৰিব বুলি মন্তব্য় প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।
ইতিমধ্যে বৰ্ষাশ্ৰীৰ পৰিয়ালৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰা বুলিও সংবাদমাধ্যমৰ আগত কয় সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই।