Local, Vocal, Global

WATCH | Dilip Saikia : সোণাৰিত নিৰ্বাচনী সভাত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

সোণাৰি,২৬এপ্ৰিল : সোণাৰিত নিৰ্বাচনী সভাত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত সোণাৰি আৰু মাহমৰা সমষ্টিৰ বিভিন্ন পদত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱা এন ডি এৰ প্ৰাৰ্থী সকলৰ হৈ প্ৰচাৰ চলাবৰ উদ্দেশ্য আজি সোণাৰিৰ অভয়পুৰত আয়োজিত এখনি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই(Dilip Saikia)।

সভাত ভাষণ প্ৰদান কৰি এন ডি এৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰূপায়ন কৰা বিভিন্ন জনকল্যাণকামী আঁচনি সমূহৰ বিষয়ে কয়। আগন্তুক দিনত যাতে এই কল্যাণকামী আঁচনি সমূহৰ যোগেদি ৰাইজ লাভম্বিত হৈ থাকিব পাৰে তাৰ বাবে আগন্তুক নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থীৰ সকলৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়।

সভাত মন্ত্ৰী যোগেন মোহন, ৰূপেছ গোৱালা, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈয়ে ভাষণ দি নিজ দলৰ প্ৰাৰ্থী সকলৰ হৈ ভোট ভিক্ষা কৰে।

লগতে পঢ়ক : WATCH | Heated situation in Mangaldoi : দৰঙত আৰক্ষীক প্ৰহাৰ কাণ্ড !