Digital University Of Skill Research প্ৰতিষ্ঠানটোক অবৈধ বুলি অভিহিত UGC ৰ

নিউজ ডেক্স ১৯ জুলাই : Digital University Of Skill Research, ৱাৰ্ধাত নামভৰ্তি নকৰিবলৈ শিক্ষাৰ্থীসকলক আহ্বান জনাইছে বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC)।
UGC য়ে প্ৰতিষ্ঠানটোক অবৈধ বুলি অভিহিত কৰিছে আৰু কৈছে যে UGC আইন, ১৯৫৬ৰ উলংঘন।
বিশ্ববিদ্যালয় অনুদান আয়োগে (UGC) এক জাননী জাৰি কৰি শিক্ষাৰ্থীসকলকDigital University Of Skill Researchৰ্চেছ, ৱাৰ্ধাত নামভৰ্তি নকৰিবলৈ আহ্বান জনাইছে। UGC য়ে প্ৰতিষ্ঠানটোক অবৈধ বুলি অভিহিত কৰিছে।
এই সন্দৰ্ভত UCG য়ে এখন জাননী জাৰি কৰি লিখিছিল, “মহাৰাষ্ট্ৰৰ Digital University Of Skill Research বিশ্ববিদ্যালয়খনে বিভিন্ন পাঠ্যক্ৰম পৰিচালনা কৰি আছে, যিটো UCG আইন, ১৯৫৬ উলংঘা কৰা হৈছে।”
UCG য়ে নিয়মৰ উদ্ধৃতি দি কয়, “যিটো প্ৰতিষ্ঠান কোনো কেন্দ্ৰীয়, প্ৰাদেশিক বা ৰাজ্যিক আইনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা নহয়, তাক বিশ্ববিদ্যালয় বুলি ক’ব নোৱাৰি। এনে পৰিস্থিতিত, ওপৰোক্ত প্ৰতিষ্ঠানটোৰ নামত এখন বিশ্ববিদ্যালয় স্থাপন কৰাৰ কোনো অধিকাৰ নাই।”
একে সময়তে, UCG য়ে শিক্ষাৰ্থীসকলক এনে প্ৰতিষ্ঠানত নামভৰ্তি নকৰিবলৈ আহ্বান জনাইছে অন্যথা তেওঁলোকৰ কেৰিয়াৰ ক্ষতিগ্ৰস্ত হ’ব পাৰে।