Local, Vocal, Global

Watch | Dighaliati Shiva Temple Shivaratri: সুবৰ্ণ জয়ন্তী গৰকা দিঘলীআটি শিৱ মন্দিৰত শিৱ চতুৰ্দশী শ্ৰীশ্ৰী মহা-শিৱৰাত্ৰিৰ সফল সামৰণি

গুৱাহাটী: কাৰ্বি আংলংৰ দিঘলীআটি শিৱ মন্দিৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছিল মহা-শিৱৰাত্ৰিৰ চতুৰ্দ্দশী। ইং ২৬ ফেব্ৰুৱাৰী ২০২৫ পুৱাৰ ভাগত পুৰুহিতৰ দ্ধাৰা মাংগলিক পূজা পাৰ্বন ও স্থায়ী আই সকলৰ জড়িয়তে দিনজুৰা দিহানাম । আৰু ইং ২৭ ফেব্ৰুবাৰী ২০২৫ নগাওঁ ননৈ নামতি দলৰ দ্ধাৰা দিহানাম ও শেষত মাহ-প্ৰসাদ বিতৰণ।

এই মন্দিৰ ভাগত পূজা অৰ্চনা কৰিলে ভক্তৰ আশা আকাঙ্ক্ষা পূৰণে কৰাই নহয় বহুত বিপদ-আপদ দূখ-দুৰ্দশা ,অপায় অমংগল নাশ হয় বুলি লোক বিশ্বাস। দিঘলীআটি শিৱ মন্দিৰ প্ৰতিষ্ঠা কালৰ স্বৰ্গীয় খুন্তী শৰ্মা,লক্ষীকান্ত শইকীয়া,ৰজন বৰা, শ্ৰী হৰকান্ত মুদৈ প্ৰমুখ্যে বহু কেইবাগৰাকী ব্যক্তিক স্মৰণ ও ধন্যবাদ জ্ঞাপন আয়োজক সমিতিৰ।

এই মন্দিৰ ভাগৰ তাহানিতে ,ভগত গুৰু প্ৰয়াত নৰেন্দ্ৰ শৰ্মা মহাপ্ৰভুৰ হাতৰ পৰশত প্ৰাণ প্ৰতিষ্ঠা হৈছে বুলি সকলোৰে মাজত আজি বিদ্যমান।দুদিনীয়া শিৱ চতুৰ্দ্দশীত সহায় সহযোগ‍ কৰা প্ৰাক্তন সম্পাদক মিনাৰাম বাগলাৰী,কোষাধ্যক্ষ ৰাখু দৈমাৰী,বিষ্ণু বড়ো,সঞ্জয় বড়ো,বালি বসুমতাৰী,নৰেন বসুমতাৰী, লক্ষী বড়োকে প্ৰমুখ্য কৰি দিঘলীআটি গাৱৰ সমূহ ভক্ত প্ৰাণ ৰাইজক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন আয়োজক সমিতিৰ সভাপতি/সম্পাদক ক্ৰমে নিপেন বসুমতাৰী আৰু সঞ্জয় শৰ্মাৰ।