Local, Vocal, Global

Bus-Truck Accident : নৈশ বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ; গুৰুতৰভাৱে আহত ১৩জনকৈ যাত্ৰী

নিউজ ডেস্ক,৬জুন : নৈশ বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ ।সংঘৰ্ষত গুৰুতৰভাৱে আহত ২৩জনকৈ ।

বৃহস্পতিবাৰে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । বৃহস্পতিবাৰে পুৱা শিলচৰ গুৱাহাটী ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰৰ দিগৰখালত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নৈশ বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰ আহত হৈছে ট্ৰাক আৰু নৈশ বাচ চালকসহ ১৩জনকৈ যাত্ৰী(Road Accident in Cachar)।

জানিব পৰা মতে, গুৱাহাটীৰ পৰা শিলচৰ অভিমূখে আহিছিল আৰহান ট্ৰেভেলচৰ এখন যাত্ৰীবাহী নৈশ বাছখন। কাছাৰৰ দিগৰখালত অহাৰ পাছত বিপৰীতে দিশৰ পৰা অহা এখন দ্ৰুতগতিৰ ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হয় নৈশ বাছখনৰ। ঘটনাৰ পাছত স্থানীয়সকলে আহতসকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে(13 Injured In Digarkhal Bus-Truck Accident)।

লগতে পঢ়ক : Sunil Chhetri to play his last international match against Kuwait today : অন্তিম বাৰৰ বাবে আজি খেলপথাৰত অৱতীৰ্ণ হ’ব সুনীল চেত্ৰী