Local, Vocal, Global

WATCH | Dibrughar News : ডিব্ৰুগড়ৰ ৰাজপথত জ্বলাই দিলে পাকিস্তানৰ পতাকা

ডিব্ৰুগড়,২৬এপ্ৰিল : কাশ্মীৰৰ পেহেলগামত ইছলামিক সন্ত্রাসবাদীয়ে নাম সুধি হিন্দু লোকৰ প্রাণ লোৱা কাৰ্য্যক তীব্র ভাষাৰে গৰিহণা দিয়া লগতে আজি ডিব্ৰুগড় ৰাজপথত পাকিস্তানৰ পতাকা দাহ কাৰ্য্যসূচী ৰূপায়ন কৰিছে হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসম, ডিব্ৰুগড় জিলা সমিতিয়ে।

আজি এক প্রেছ বিবৃতিত সংগঠনটোৰ ডিব্ৰুগড় জিলা আহ্বায়ক ৰাজদ্বীপ নাথ আৰু সুৰজ চাহে পেহেলগামৰ ঘটনাটোক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰাৰ লগতে পেহেলগাম ঘটনাই ইছলামিক জেহাদী সমগ্র মানক জাতিৰ শত্রু বুলি প্রমাণিত হ’ল বুলি মত পোষণ কৰে(Dibrughar News)।

ইছলামিক জেহাদীৰ বিৰুদ্ধে কোনো ধৰণৰ দয়া ভাব নাৰাখি কঠোৰ হাতেৰে দমণ কৰাৰ বাবে চৰকাৰক বিবৃতিটোত সংগঠনটো নেতান্বয়ে আহ্বান জনাই। একেটা বিবৃতিয়ে তেওঁলোকে কয় যে হিন্দুৰ সুৰক্ষা হিন্দু সকলে নিজেই লব লাগিব অন্যথা পেহেলগামৰ দৰে ঘটনা হিন্দুৰ ক্ষেত্রত সদায় সংঘটি হৈ থাকিব বুলিও সংগঠনটোৰ নেতান্বয়ে উল্লেখ কৰে।

আনহাতে ইছলাম মানে শান্তি বু প্ৰচাৰিত হ’লেও বর্তমান সময়ত ইছলামিক জেহাদিয়ে ইছলাম মানে মানৱতাক শত্রু মন্ত্র দিয়ে। যদিহে এই ইছলামিক জেহাদীৰ বিৰুদ্ধে সমগ্র ইছলাম সমাজ ওলাই নাহে তেনেহলে এইটো প্রমাণ হ’বলৈ বাকী নাথাকিব যে ইছলাম মানে শান্তিৰ পৰিবৰ্তে মানৱতাৰ শত্রু বুলি অনাগত সময়ত গণ্য কৰা হ’ব।

আনহাতে উক্ত কাৰ্য্যসূচীত অংশগ্রহণ কৰা কেন্দ্রীয় ভাবা সভাপতি মাধব দাসে বিবৃতিৰ জৰিয়তে কয় যে হিন্দু সকলে ধর্ম সংস্কৃতিৰ সুৰক্ষা মোডী চৰকাৰ আৰু ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰক আশা এৰি নিজৰ সুৰক্ষাৰ নিজেই ল’বই লাগিব বুলি কৈ সমগ্র সনাতন লোকক সজাগ-সচেতন, সক্রিয় আৰু শক্তিন হৈ ইছলামিক জেহাদীৰ বিৰুদ্ধে যুঁজ দিবলৈও আহ্বান জনাই।

লগতে পঢ়ক : WATCH | Nalbari News : বৰক্ষেত্ৰীৰ ২ নং কেকানকুছিত কংগ্ৰেছ দলৰ নিৰ্বাচনী কার্যালয় উদ্বোধন