Local, Vocal, Global

Dibrugarh AASU Leader Joins BJP : জে’ল যাত্ৰাৰ ভয়তে মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হ’ল নেকি ডিব্ৰুগড়ৰৰ আছু নেতা ?

ডিব্ৰুগড়,৩ছেপ্তেম্বৰ : জে’ল যাত্ৰাৰ ভয়তে মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হ’ল নেকি ডিব্ৰুগড়ৰৰ আছু নেতা ? নিজৰ কু-কীৰ্তিৰ পৰা ৰক্ষা পাবলৈ গেৰুৱা বসন পিন্ধিলে নেকি ?

নিজৰ কু-কীৰ্তিৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন দল-সংগঠনৰ নেতাই বিজেপিত যোগদান কৰি আহিছে । বিৰোধীয়ে বিজেপিক নাম দিছে ‘ৱাশ্বিং মেচিন’ বা ‘ৱাশ্বিং পাউডাৰ’ ।

এইবাৰ বিজেপিৰ ৱাশ্বিং মেচিনত নিজক পৰিষ্কাৰ কৰিবলৈ সোমালে নেকি আছুৰ প্ৰাক্তন সভাপতি ? ইফালে ন-বিজেপিত যোগদান কৰা প্ৰাক্তম আছু নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল আছুৰ । আছু কাৰ্যালয়ত নিষিদ্ধ ঘোষণা । ন-বিজেপি তথা প্ৰাক্তন আছু অৱনী কুমাৰ গগৈৰ(Dibrugarh AASU Leader Joins BJP)।

এজনৰ পাছত আন এজন আছু নেতাই বিজেপিত যোগদান কৰাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰচ’ৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । দেওবাৰে ভাৰতীয় জনতা পাৰ্টীৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সদ্য পদত্যাগী সভাপতি অৱনী কুমাৰ গগৈয়ে মুখ্যমন্ত্ৰী বাসগৃহত বিজেপিত যোগদান কৰে ।

সদ্য পদত্যাগী জিলা ছাত্র সন্থাৰ সভাপতি তথা ন বিজেপি অৱনী কুমাৰ গগৈৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰীৰ অভিযোগ। বিচিপিএলৰ সামাজিক দায়বদ্ধতা গোটৰ আঁচনিৰ অধীনত জিলা ছাত্র সন্থাৰ কাৰ্যালয়ত ডিজিটেল পুথিভঁৰাল নিৰ্মাণৰ বাবে আৱন্টন দিয়া দহ লাখ টকাৰ পুঁজিৰ কেলেংকাৰীৰ অভিযোগ। তদুপৰি নামৰূপ আঞ্চলিক ছাত্র সন্থাৰ কাৰ্যালয়টো ভাঙি নতুনকৈ কাৰ্যালয়টো নিৰ্মাণৰ নামত বিভিন্নজনৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ ন বিজেপি অৱনী গগৈৰ বিৰুদ্ধে।

এনেবোৰ বিত্তীয় কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰাৰ ভয়ত বিজেপিত যোগদান কৰা বুলি অভিযোগ জিলা ছাত্র সন্থাৰ। ফলত আজি জিলা ছাত্র সন্থাই অৱনী কুমাৰ গগৈৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰে এজাহাৰ। উল্লেখযোগ্য যে, দেওবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক প্ৰশান্ত ফুকনৰ উপস্থিতিত বিজেপিত যোগদান কৰিছিল অৱনী গগৈয়ে(Dibrugarh AASU Leader Joins BJP)।

লগতে পঢ়ক :ভূমিহীন লোকক আশ্ৰয় দি বিপদত এটা পৰিয়াল