Local, Vocal, Global

PM Modi leaves for two-nation visit to Brunei and Singapore : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্ৰুণেই আৰু ছিংগাপুৰ ভ্ৰমণ

নেশ্যনেল ডেস্ক, ৩ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰ ব্ৰুণেই ডাৰুছালাম আৰু ছিংগাপুৰ ভ্ৰমণ । মঙলবাৰে আৰম্ভ হ’ল ভ্ৰমণ ।

প্ৰধানমন্ত্ৰী দুয়োখন দেশ ভ্ৰমণৰ লগে লগে ভাৰতে ঐতিহাসিক সম্পৰ্ক বজাই ৰখা আৰু ছিংগাপুৰৰ সৈতে কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ চেষ্টা কৰিব(PM Modi leaves for two-nation visit to Brunei and Singapore)।

এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ ব্ৰুণেই ডাৰুছালাম প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ হ’ব । ভ্ৰমণৰ পূৰ্বে এক বিবৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ঐতিহাসিক সম্পৰ্কক নতুন উচ্চতালৈ আগুৱাই লৈ যোৱাৰ বাবে তেওঁ চুলতান হাজী হাছানাল বোলকিয়া আৰু ৰাজপৰিয়ালৰ আন সদস্যসকলৰ সৈতে হোৱা বৈঠকৰ বাবে আশাবাদী(PM Modi on historic first visit to Brunei today)।

প্ৰধানমন্ত্ৰী মোদীয়ে বুধবাৰে ছিংগাপুৰ ভ্ৰমণ কৰিব । তাৰ পূৰ্বে বিবৃতিত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰপতি থাৰমন শ্বানমুগাৰত্নম, প্ৰধানমন্ত্ৰী লৰেন্স ৱাং, জ্যেষ্ঠ মন্ত্ৰী লী ছিয়েন লুং আৰু এমিৰিটাছ জ্যেষ্ঠ মন্ত্ৰী গোহ চক টঙক সাক্ষাতৰ বাবে আশাবাদী । মোদীয়ে ছিংগাপুৰৰ শীৰ্ষ ব্যৱসায়ীসকলকো সাক্ষাৎ কৰিব(PM Modi embarks on two-day visit to Brunei, Singapore)।

লগতে পঢ়ক : Dibrugarh AASU Leader Joins BJP : জে’ল যাত্ৰাৰ ভয়তে মুখ্যমন্ত্ৰীৰ শৰণাপন্ন হ’ল নেকি ডিব্ৰুগড়ৰৰ আছু নেতা ?