সাৰদাৰ বাতৰি কাকতৰ অভিজ্ঞতাৰে জনসংযোগত চাকৰি দিবন পত্নীৰ

SI উপ-পৰিদর্শক পদৰ প্ৰশ্নকাকত ফাদিলত নাম সাঙোৰ খোৱা দিবন ডেকাৰ আছে আন এক কলা অধ্যায়৷ কেঁচু খান্দোতে সাপ ওলোৱাৰ নিচিনাকৈ নিতৌ ন ন কুর্কীতি পোহৰলৈ আহিছে বিজেপি নেতা দিবন ডেকাৰ৷ কেবল SI প্ৰশ্নকাকত ফাদিলেই নহয় বিগত সময়চোৱাত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা বিভিন্ন নিয়োগ পৰীক্ষাৰ বেমেজালিত জড়িত আছে ম’ষ্টৱাণ্টেত দিবন ডেকা৷ PNRD, APDCL আৰু জন সংযোগ বিভাগৰ পৰীক্ষাতো নাম সাঙোৰ খাই পৰিছে দিবন ডেকাৰ৷
২০১৯ চনত সোণোৱাল চৰকাৰৰ অধীনত এমেনটেক কনছালটেন্ত নামৰ কোম্পানীটোৱে জন-সংযোগ বিভাগৰ ৪৯ টা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল আৰু এই কোম্পানীটোৰ স্বত্ত্বাধিকাৰী হৈছে SI পৰীক্ষা প্ৰশ্নকাকত ফাদিলৰ ঘটনাত নাম সাঙোৰ খোৱা প্ৰাঞ্জল বৰুৱা৷ লক্ষ্যনীয়ভাৱে এমেনটেক কনছালটেন্ত নামৰ কোম্পানীটোত আছে পলাতক দিবন ডেকাৰ অংশীদাৰিত্ব৷
উল্লেখ্য যে জন-সংযোগ বিভাগৰ ৪৯ টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাত উত্তীর্ণ হৈছিল কুখ্যাত পলাতক দিবন ডেকাৰ পত্নী বিভা কলিতা৷ বিভা কলিতা উক্ত পৰীক্ষাত উত্তীর্ণ হৈ জন-সংযোগ বিভাগৰ চার্কুলেশ্যন মেনেজাৰৰ পদ লাভ কৰিছিল৷ কিন্তু নিযুক্তিৰ পূর্বে কোৱা হৈছিল যে চার্কুলেশ্যন মেনেজাৰৰ পদ লাভ কৰিবলৈ অতিকমেও নুন্যতম একেটা পদতে ৭ বছৰ কর্ম অভিজ্ঞতা থাকিব লাগিব৷ কিন্তু সম্প্ৰতি অভিযোগ উঠিছে যে পলাতক দিবনৰ পত্নীয়ে সাৰদা নিয়ন্ত্ৰণ কৰা ‘সকালবেলা’ত ৭ বছৰৰ কর্ম অভিজ্ঞতা প্ৰমাণ দিছিল৷ গুৰুত্বপূর্ণ কথা এই যে সাৰদাই নিয়ন্ত্ৰণ কৰা ‘সকালবেলা’ প্ৰকাশৰ মাত্ৰ ১৮মাহ পিছতেই বন্ধ হৈছিল৷
SI প্ৰশ্নকাকত কেলেংকাৰিত দিবনৰ নাম সাঙোৰ খোৱাৰ লগে লগে অসমৰ এটি সংগঠনে দিবনৰ পত্নীৰ কর্ম অভিজ্ঞতাৰ ওপৰত অভিযোগ উত্থাপন কৰিছে৷ লগতে ভূৱা প্ৰমাণপত্ৰৰে চার্কুলেশ্যন মেনেজাৰৰ পদ লাভ কৰিছে বুলিও অভিযোগ উত্থাপন কৰিছে৷ এতিয়া প্ৰশ্ন উঠিছে মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালৰ নেতৃত্বত থকা গৃহ আৰু জন-সংযোগ বিভাগত দিবন ডেকা আৰু প্ৰাঞ্জল বৰুৱাই কেনেকৈ দুর্নীতি কৰিবলৈ সক্ষম হৈছিল৷