Local, Vocal, Global

ধুবুৰী জিলা পৰিষদত ভয়ংকৰ দুৰ্নীতি;সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ

ডিজিটেল ডেস্ক:-পোহৰলৈ আহিছে ধুবুৰী জিলাৰ পৰিষদৰ ভয়ংকৰ দুৰ্নীতি আৰু অনিয়মৰ তথ্য়।তথ্য পোহৰলৈ অহাৰ পাছতে জিলাখনত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।জিলাখনত চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি জিলা পৰিষদৰ কণিষ্ঠ সহায়ক নিপন ৰায়ে ২৭ ফেব্ৰুৱাৰীত দাখিল কৰে এখন এজাহাৰ।লগতে দুৰ্নীতি সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈকো প্ৰেৰণ কৰে ই-মেইল।ইয়াৰ পাছতে ধুবুৰী জিলাৰ পৰিষদত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সঘনে কৈ থাকে কোনো চৰকাৰী বিষয়া কাৰ্য্যালয়ত যদি দুৰ্নীতি কৰে সেই দুৰ্নীতি আমি অনতি পলমে বন্ধ কৰিম আৰু তাক জেল হাজোতলৈ প্ৰেৰণ কৰিম৷কিন্তু যোৱা কেইদিনৰ পৰা নামনি অসমৰ ধুবুৰী জিলাৰ ধুবুৰী জিলা পৰিষদ কাৰ্য্যালয়ৰ সভাপতি আশাদুৰ ৰহমান , প্ৰাক্তন জিলা পৰিষদৰ সদস্য আব্দুৰ ৰেজ্জাক আৰু অতিৰিক্ত জিলা প্ৰকল্প বিষয়া মৃনালকান্ত সৰকাৰৰ নামত এটাৰ পৰা এটা দুৰ্নীতিৰ কৰি থকাৰ পাছতো ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাই কোনো তদন্ত৷আৰক্ষী থানাত এজাহাৰ দিয়াৰ পাছতো কোনো নাই আৰক্ষীৰ সঁহাৰি।

২০১৮ ইং চনৰ পৰাই সভাপতি আৰু দুই লুণ্ঠনকাৰীয়ে লুটি আছে আঁচনিৰ কোটি কোটি টকা ।গাড়ীৰ পেট্ৰল ডিজেলৰ নামতো ব্যাপক জালিয়াতি ।সভাপতিৰ অত্যাচাৰ সহিব নোৱাৰি কণিষ্ঠ সহায়কে ধুবুৰী সদৰ আৰক্ষী থানাত ২৭ ইং ফেব্ৰুৱাৰী তাৰিখে ৰুজু কৰিছিল গোচৰ।অভিযোগ অনুসৰি চতুৰ্থ বিত্তীয় সাহায্য আঁচনিৰ জৰিয়তে ষ্ট্ৰীট লাইটৰ আঁচনিৰ ৰূপায়ণৰ নামত কেইবা লাখ টকা হৰলুকী কৰা হৈছে।লগতে বিভিন্ন কামৰ বাবে আহ্বান কৰা নিবিদাৰ বাকচ সাল সলনি কৰাৰো অভিযোগ উত্থাপন হৈছে।অকল এয়াই নহয় এই তিনিজনে জিলা পৰিষদখনত বিভিন্ন চৰকাকী আঁচনিৰ ধন আত্মাসাৎ কৰি নিৰ্মাণ কৰিছে ডাঙৰ ডাঙৰ অট্টালিকা৷

বৃহস্পতিবাৰে ধুবুৰীৰ প্ৰেছ ক্লাৱত নিপন ৰয়ে আয়োজন কৰা সংবাদমেলত এনে বিভিন্ন চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি আৰক্ষী আৰু প্ৰশাসনৰ সহাৰি পোৱা নাই বুলি দুখ প্ৰকাশ কৰি এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ওচৰত হস্তক্ষেপ দাবী কৰে।বৃহস্পতিবাৰে সন্ধিয়া ধুবুৰী সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম গগৈ নেতৃত্বত আৰক্ষীৰ দল এটাই ধুবুৰী প্ৰকল্প সঞ্চালকৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰকল্প বিষয়া তথা জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিৎ গোস্বামী আৰু এজাহাৰকাৰী নিপন ৰয়ক মাতি নি জেৰা কৰে।