Local, Vocal, Global

আজিৰে পৰা আৰম্ভ অসম বিধান সভাৰ বাজেট অধিৱেশন

ডিজিটেল ডেস্ক:-আজিৰে পৰা আৰম্ভ অসম বিধান সভাৰ বাজেট অধিৱেশন।আগন্তুক পাঁচ এপ্ৰিললৈ চলিব এই অধিৱেশন।এই অধিৱেশনত সদন মুঠ ১৪ দিন বহিব।অহা ১৬ মাৰ্চত বিত্তমন্ত্ৰীয়ে আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাবে বাজেট দাখিল কৰিব।

বিৰোধী পক্ষ সাজু হৈছে বিভিন্ন বিষয়ক লৈ চৰকাৰক জবাবদিহি কৰিবলৈ।ৰাজ্যত চলি থকা উচ্ছেদ,ভুৱা এনকাউন্টাৰ,বাল্য বিবাহ প্ৰতিৰোধৰ নামত হাৰাশাস্তি আদি বিষয়ক লৈ।কংগ্ৰেছে বৃহস্পতিবাৰে সন্ধিয়াই অনুষ্ঠিত কৰিছে বিধায়িনী দলৰ বৈঠক।বৈঠকত দলৰ বিধায়কসকলে বিভিন্ন নিয়মৰ অধীনত বিষয়সমূহ সদনত উত্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে।

ইয়াৰ লগতে বিৰোধী পক্ষৰ বৈঠকত উচ্ছেদৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালৰ সকলো নিৰ্দেশনা চৰকাৰে আওকাণ কৰা,বহু ক্ষেত্ৰত অমানৱীয় আচৰণ কৰা,দাম বৃদ্ধি নিয়ন্ত্ৰণ দুৰ্নীতি,হত্যা-হিংসা বৃদ্ধি আদি বিষয়সমূহৰ লগতে সকলো গুৰুত্বপূৰ্ণ ইছ্যু চৰকাৰৰ দৃষ্টিগোচৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বাতৰি অনুসৰি চৰকাৰী পক্ষই সকলো ৰাজনৈতিক দলকে ৰাজ্যপালৰ ভাষণৰ সময়ত কোনো বাধা নিদিবৰ বাবে আহ্বান জনাইছে।নৱ-নিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ অসম বিধান সভাত এইয়া প্ৰথম ভাষণ।ভাষণ প্ৰদানৰ দিনাই ৰাজ্যপালৰ ভাষণক লৈ ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন হ’ব।১

৬ মাৰ্চত বিত্তমন্ত্ৰীয়ে বাজেট ভাষণ আগবঢ়াব তাৰ পিছতে আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাবে বিত্তমন্ত্ৰীয়ে বাজেট প্ৰাকলন দাখিল কৰিব। ১৭ মাৰ্চ আৰু ২০ মাৰ্চত বাজেট সম্পৰ্কত আলোচনা হ’ব।২১ মাৰ্চত বেতৰকাৰী সদস্যৰ কাৰ্যসূচী আছে।২২ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ বিভাগীয় স্থায়ী সমিতিসমূহৰ বৈঠকৰ বাবে সদন নবহে।২৯ মাৰ্চত স্থায়ী সমিতিয়ে প্ৰতিবেদন দাখিল কৰিব।

২৯ মাৰ্চ আৰু ৩০ মাৰ্চত দাবী মঞ্জুৰীক লৈ আলোচনা হ’ব।৩১ মাৰ্চ আৰু ৪ এপ্ৰিলত পুনৰ বেচৰকাৰী সদস্য়ৰ কাৰ্যসূচী আছে।৩ আৰু ৪ এপ্ৰিলত ৰৈ যোৱা বিধেয়কসমূহক লৈ আৰু অন্য কাৰ্যসূচীক লৈ আলোচনা অনুষ্ঠিত হ’ব।