Dhing News: এখন বিশেষ গাওঁ;যিখন গাঁৱত আজি পৰ্যন্ত ভৰি দি পোৱা নাই আৰক্ষীয়ে
ধিং,৫জানুৱাৰী : এখন বিশেষ গাওঁ। যিখন গাঁৱত আজি পৰ্যন্ত ভৰি দি পোৱা নাই আৰক্ষীয়ে । যিখন গাঁৱৰ মানুহে দেখি পোৱা নাই আৰক্ষী থানা আৰু ক’ৰ্ট-কাছাৰী । পিছে ক’ত আছে এই বিশেষ গাওঁখন।
আচৰিত নহ’ব, এয়াই সঁচা কাহিনী । কেৱল প্ৰকৃতিৰ সেউজীয়া আৱৰণৰ মাজত আছে এই বিশেষ গাওঁখন । চাৰিওফালে কেৱল হত্যা, হিংসা আৰু ধৰ্ষণৰ দৰে অপৰাধজনীত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে কিন্তু এইখন গাৱঁত যুগ যুগ ধৰি সংঘটিত হোৱা নাই কোনোধৰণৰ অপৰাধজনীত বা হিংসাত্মক ঘটনা(Dhing News)।
আজি পৰ্যন্ত গাওঁখনৰ কোনো লোকে অপৰাধজনিত কাৰণত ভৰি দি পোৱা নাই আৰক্ষী থানা কিম্বা ক’ৰ্ট-কাছাৰীত । গাওঁখনৰ মাজেৰে কেতিয়াবা যদি আৰক্ষীৰ গাড়ীখন পাৰ হৈ যায় সেয়া দেখিয়েই ভয়তে পলাই পতং দিয়ে গাওঁখনৰ বহু লোকে । এই বিশেষ গাওঁখন হৈছে চহৰীয়া বটাবাড়ী ধূপাগুৰি কচাৰী গাওঁ। নগাঁও জিলাৰ অন্তৰ্গত ধিং থানাৰ এলেকাত আছে এই অপৰাধমুক্ত গাওঁখন। প্ৰায় পাঁচ শতাধিক বড়ো পৰিয়ালে একেলগে মিলি-জুলি বসবাস কৰা এই গাওঁখনৰ অধিকাংশ লোকেই কৃষিজীৱী লোক।
অতীজৰে পৰাই এই বৃহত্তৰ গাওঁখনৰ বঢ়ো লোকসকলে একেলগে মিলি-জুলি এজনে আনজনক সহায় কৰি শান্তি সম্প্ৰতি বজাই ৰাখি অতিবাহিত কৰি আহিছে জীৱন নিৰ্বাহ। নতুন বছৰৰ আৰম্ভণিতেই এই গাওঁখনৰ লোকসকলে সমূহ অসমবাসী ৰাইজক জনাইছে আহ্বান, এই গাওঁখনৰ দৰেই অসমৰ প্ৰতিখন গাৱৰ ৰাইজে অপৰাধজনীত ঘটনাৰ পৰা বিৰত থাকি এক সুন্দৰ জীৱন অতিবাহিত কৰক।
লগতে পঢ়ক :Jamugurihat News :জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন