Jamugurihat News :জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন

জামুগুৰিহাট,৪ডিচেম্বৰ : জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন ৷ সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্ধোধন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ ৷
জামুগুৰিহাটৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজিৰে পৰা শতবৰ্ষ অনুষ্ঠান আৰম্ভ হয় ৷ এই উদ্দেশ্যৰে পুৱা পতাকা উত্তোলন,প্ৰয়াত নৰেন দাস সোৱঁৰণী তোৰনৰ শুভ উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই(Jamugurihat News)৷
পুৱা ১১ বজাত বিভিন্ন জাতিগোষ্ঠীয় লোক সংস্কৃতি তথা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উন্মোচন কৰে কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৷ সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে বিদ্যালয় খনৰ আন্তগাঠনি উন্নয়নৰ বাৱে অসম চৰকাৰে ৮ কোটি টকা আৱণ্টন দিয়াৰ কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰে ৷
লগতে পঢ়ক :Abhayapuri News:বাহনৰ খুন্দাত সোণালী বান্দৰৰ মৃত্যু;স্থানীয় ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ