Local, Vocal, Global

WATCH | Dhemaji News : উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা প্ৰশ্ন কাকত ভাইৰেলৰ সন্দৰ্ভত এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষৰ সংবাদমেল

ধেমাজি,২৪মাৰ্চ : উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা প্ৰশ্ন কাকত আগতীয়া ভাইৰেলৰ ঘটনাৰ সন্দৰ্ভত এন চি ডি মহাবিদ্যালয়ৰ অধ্যক্ষৰ সংবাদমেল

সংবাদ মেল সম্বোধন কৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ সাধাৰণ গণিতৰ প্ৰশ্ন কাকত ভাইৰেল হোৱা ঘটনাই সমগ্ৰ ধেমাজি জিলাক জোকাৰি যোৱা সন্দৰ্ভত সংবাদ মেল যোগে ঘটনাত বিৱৰণ দাঙি ধৰে অধ্যক্ষ গৰাকীয়ে ৷

প্ৰকৃততে কোনটো পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল হৈছিল তাক চৰকাৰ প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে যদিও এই মূহুৰ্তলৈকে প্ৰকৃত দোষীক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই(Dhemaji News) ৷

ধেমাজি জিলাৰ গোগামুখ লটাকস্থিত এন চি ডি মহাবিদ্যালয় কৰ্তৃপক্ষই এন চি ডি মহাবিদ্যালয়ৰ পৰা প্ৰশ্ন কাকত ভাইৰেল হোৱা নাই বুলি দাবী কৰে সংবাদ মেলত লগতে চৰকাৰ প্ৰশাসনক তদন্ত দাবী আহ্বান জনাই অধ্যক্ষ গৰাকীয়ে ৷

লগতে পঢ়ক : WATCH | Dhemaji News : বৰদলনিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ