Local, Vocal, Global

WATCH : Dhemaji News : পুনৰ কংগ্ৰেছ কৰ্মীক আক্ৰমণ

ধেমাজি,১৮মাৰ্চ : পুনৰ কংগ্ৰেছ কৰ্মীক আক্ৰমণ। এইবাৰ চিমেণ্ট চাপৰিত কংগ্ৰেছ কৰ্মীক দুৰ্বৃত্তৰ দলৰ আক্ৰমণ কৰাৰ অভিযোগ ।

সংবাদ মাধ্যমক ভুক্তভোগীয়ে অৱগত কৰোৱাৰ অনুসৰি, কংগ্ৰেছ দলৰ ৯ জনীয়া এটি সজাতি দল মেচাকি তাঙানিৰ এখন সভাত অংশগ্ৰহন কৰিবলৈ গৈ থকা অৱস্থাত ৰামধন ধিকাৰী বগৰি চাপৰিত কোনো দুৰ্বৃত্তই কংগ্ৰেছ দলৰ গাড়ীত আক্ৰমণ কৰা লগতে সজাতি দলটোক আক্ৰমণ কৰা গুৰুত্বৰ অভিযোগ উত্থাপন ভুক্তভোগীয়ে(Dhemaji News) ।

কোনে কি কাৰণত কংগ্ৰেছৰ সজাতি দলটোক আক্ৰমণ কৰিছে জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত চিমেণ্ট চাপৰি আৰক্ষীক এজাহাৰ প্ৰদান ভুক্তভোগীৰ সজাতি দলটোৱে ।

ইফালে দুৰ্বৃত্তৰ আক্ৰমণ আঘাত হোৱা দলটোক চিকিৎসালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ তদন্ত পিছলৈ জানিব পৰা যাব ঘটনা সঠিক বিৱৰণ।

লগতে পঢ়ক : WATCH | Jorhat News : “বিজেপিৰ কাৰনে আমাৰ ভয় নাই”।”কিন্তু বিজেপিয়ে মানুহক ভয় খুৱাই “