Local, Vocal, Global

আমিনগাওঁত মহামাৰী ৰূপ ধাৰণ কৰিছে জণ্ডিচে

ডিজিটেল ডেস্ক:- আমিনগাঁওত মহামাৰী ৰূপ ধাৰন জণ্ডিচৰ। জণ্ডিজ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিগৰাকী লোকৰ। বৰ্তমানো চিকিৎসাধীন হৈ আছে অঞ্চলটোৰ ৬২ গৰাকী লোক।

ঘটনাস্থলীত উপস্থিত মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা। জণ্ডিছ জনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা পৰিয়ালৰ খবৰো লোৱাৰ লগতে পহিলা বহাগৰ দিনা মৃত্যু হোৱা তিনিওটা পৰিয়ালৰ খবৰ লয় মুখ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই।

পৰিস্থিতিৰ বুজ লৈ দুৰ্ভগীয়া পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰাৰ লগতে আগন্তুক ১০ দিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ আশ্বাস মুখ্যমন্ত্ৰী গৰাকীৰ।

কাইলৈ গুৱাহাটী মেডিকেল কলেজৰ তৰফৰ পৰা চিকিৎসকৰ এটা বৃহৎ দল আহিব আমিনগাৱৰলৈ। অঞ্চলটোত চিকিৎসা প্ৰদান কৰাৰ লগতে পৰীক্ষা কৰিব আমিনগাৱবাসীৰ।

পানীৰ পৰা এই ভয়ংকৰ ৰোগ বিয়পাৰ লগতে ৰেল বিভাগৰ লগত আলোচনা কৰি পানী টেংকিসমূহ পৰিষ্কাৰ কৰি সময়ৰ লগত আধুনিকীকৰণ কৰাৰ নিৰ্দেশ।

মুখ্যমন্ত্ৰী গৰাকীৰ লগতে উপস্থিত হয় জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। লগতে কামৰূপ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে চেষ্টা অব্যাহত ৰাখিছে ৰোগ নিৰাময়ৰ।