Local, Vocal, Global

ধনশিৰিত প্ৰশাসনে জব্দ কৰিলে কাঠফলা মিলসহ মুল্যবান কাঠ

ধনশিৰি মহকুমাৰ সৰুপথাৰত দীৰ্ঘদিন ধৰি দুটাকৈ অবৈধভাৱে কাঠফলা মিলৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অভিযোগ কৰি আহিছিল। অৱশেষত ধনশিৰি মহকুমা প্ৰশাসনৰ সীমান্ত দণ্ডাধীশ আৰু বন বিভাগৰ লোকে জব্দ কৰে কাঠফলা মিল দুটা।

ধনশিৰি মহকুমাৰ সীমান্তৱৰ্তী অঞ্চল কাৰ্বি আংলং জিলাৰ পৰাই চোৰাংভাৱে মুল্যবান গছ কাটি আনি অবৈধভাৱে চলাই থকা মিল সমুহত কাটি অবৈধভাৱে চোৰাং কাঠৰ ৰমৰমীয়া বেহা চলাই আহিছিল।