Local, Vocal, Global

Guidelines to 7 Accident-Prone Districts : ৰাজ্যৰ সাত জিলালৈ কাঢ়া নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধানৰ

নিউজ ডেস্ক, ৩০ মে’ : জালুকবাৰীত ২৮ মে’ৰ নিশা সংঘটিত শিহৰণকাৰী দুৰ্ঘটনাত অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জন প্ৰতিভাশালী শিক্ষাৰ্থীয়ে প্ৰাণ হেৰুৱাৰ কৰুণ ঘটনাই ৰাজ্যবাসীৰ লগতে ৰাজ্য প্ৰশাসনকো জোকাৰি গৈছে (AEC students killed in accident) । যিটো ঘটনাই অসম আৰক্ষী, যান-বাহন নিয়ন্ত্ৰণ শাখা আৰু পৰিবহন বিভাগক গভীৰ দুচিন্তাৰ মাজলৈ ঠেলি দিছে । কিয়নো ৰাজ্যত সঘনাই বৃদ্ধি পাইছে পথ দুৰ্ঘটনা । কোন কোন ঠাইত পথ দুৰ্ঘটনা বৃদ্ধি পাইছে তাৰ তথ্যৰ উপৰত ভিত্তি কৰি ৰাজ্যৰ সাত জিলাক দুৰ্ঘটনাপ্ৰৱণ জিলা হিচাপে চিনাক্ত কৰা হৈছে । আৰু এই সাত জিলালৈ কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে (DGP issues guidelines) ।

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ১০ মে’ তাৰিখতে অসমত এক বিশেষ সংস্থাৰ জৰিয়তে জৰীপ চলাই দুৰ্ঘটনা প্ৰৱণ এলেকা, দুৰ্ঘটনাৰ কাৰণ আৰু ইয়াক নিয়ন্ত্ৰণৰ এক মাষ্টাৰ প্লেন প্ৰস্তুত কৰা হৈছিল যদিও এইয়া কাৰ্যকৰী হ’বলৈ নাপাওতেই যোৱা কেইটামান দিনতে জালুকবাৰীৰ ঘটনাকে কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃহৎ সংখ্যক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ।

উল্লেখ্য যে ইতিমধ্যে ‘লীড এজেন্সী ফৰ ৰ’ড চেফটি’ নামৰ সংস্থাটোৱে অসমৰ পথ নিৰাপত্তা সম্পৰ্কত যুগুতোৱা প্ৰতিবেদনত স্পষ্ট কৰি দিয়া হৈছে যে, ৰাজ্যৰ সবাতোকৈ দুৰ্ঘটনাপ্ৰৱণ জিলা কেইখনৰ ভিতৰত সাতখন জিলা দুর্ঘটনাপ্ৰৱণ জিলা হিচাপে চিহ্ণিত কৰা হৈছে (7 Accident-Prone Districts) । জিলাকেইখন ক্ৰমে ১ নম্বৰত আছে নগাঁও জিল‍া, দ্বিতীয় কামৰূপ (মহানগৰ), তৃতীয় বৰপেটা, চতুৰ্থ শোণিতপুৰ, পঞ্চম কামৰূপ, ষষ্ঠ ধেমাজি, সপ্তম স্থানত আছে নলবাৰী জিলা ।

ৰাজ্য়ৰ এই সাতখন জিলালৈ কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে (DGP GP Singh) । এই সাত জিলাত অধিক দুৰ্ঘটনা হেৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাকেইখনক দুৰ্ঘটনাপ্ৰৱণ জিলা হিচাপে চিনাক্ত কৰাৰ লগতে এই জিলাকেইখন আৰক্ষী সঞ্চালক প্ৰধানে নিজেই পৰ্যবেক্ষণ কৰিব বুলি জানিব পৰা গৈছে ।

ইতিমধ্যে এই সাতখন জিলাৰ দুৰ্ঘটনা হোৱা স্থান , সময় আৰু কাৰণ সন্দৰ্ভত জিলাকেইখনৰ আৰক্ষী অধীক্ষকৰ পৰা প্ৰতিবেদন বিচৰা হৈছে । জিলাকেইখনত সংঘটিত হোৱা দুৰ্ঘটনাৰ তথ্য সংগ্ৰহ কৰা হৈছে আৰু এই তথ্যৰ উপৰত ভিত্তি কৰি শীঘ্ৰেই প্ৰতিবেদন যুগুত কৰাৰ কঠোৰ নিৰ্দেশ দিছে সংশ্লিষ্ট কৰ্তৃপক্ষক ।

বিশেষকৈ সুৰাপাণ কৰা চালক, অনুজ্ঞাপত্ৰ নথকা চালকৰ ক্ষেত্ৰতো কঠোৰ হ’ব আৰক্ষী । পৰিবহণ আইন উলংঘা কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী প্ৰশাসন ।

এনে পৰিপ্ৰেক্ষিততে প্ৰতিখন দুৰ্ঘটনাপ্ৰৱণ জিলাৰ প্ৰতিখন থানাৰ দুৰ্ঘটনাৰ স্থান আৰু কাৰণ পৰ্যালোচনাৰে প্ৰস্তুত কৰা হৈছে দুৰ্ঘটনা প্ৰতিৰোধৰ এক নতুন আৰু বাস্তৱ সন্মত ব্যৱস্থা ।

জালুবাৰীত হোৱা ভয়ংকৰ দুৰ্ঘটনাত সাতজন যুৱক নিহত সাতগৰাকীকৈ জন্মদাত্ৰীৰ কোলা উদং হৈছিল (Jalukbari Accident) । এই ৰাজ্য জোকাৰি যোৱা ঘটনাৰ পিছতে এইদৰে কঠোৰ হৈছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী । আৰু তাৎক্ষণিকভাৱে ৰাজ্যৰ বিভিন্ন দুৰ্ঘটনাস্থলীৰ বিষয়ে তথ্য যুগুত কৰিছে আৰক্ষীয়ে । পুনৰ যাতে এনে শোকাৱহ ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষীয়ে গ্ৰহণ কৰিছে ইক্সন প্লেন । আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নিজেই দুৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহ পৰ্যবেক্ষণ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : Jammu bus accident: জম্মুৰ কাটৰাত ৭০ জন তীৰ্থযাত্ৰীৰ বাছ দুৰ্ঘটনাগ্ৰস্ত, ১০ জন নিহত