DGP GP singh dismissed several officers : ইজনৰ পিছত সিজনকৈ ঘোচখোৰ আৰক্ষী বিষয়াক বৰ্খাস্ত
নিউজ ডেস্ক, ৪ জুলাই : ৰাজ্যজুৰি দুৰ্নীতিগ্ৰস্ত চৰকাৰী-বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে তীব্ৰ অভিযান অব্যাহত ৰখাৰ পাচতো গা-লৰা পৰিলক্ষিত হোৱা নাই একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ(DGP GP singh dismissed several officers) । ইজনৰ পিছত সিজনকৈ আৰক্ষী বিষয়া অথবা চৰকাৰী কৰ্মচাৰী উৎকোচৰ গোচৰত নাইবা নিৰ্যাতনৰ বাবে প্ৰতিদিনে নিলম্বিত হ’ব লগীয়া হৈছে ।
ইয়াৰ পিছতে এতিয়া যেন এক্সন মোডত আছে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং(DGP GP singh dismissed several officers)ধাৰাবাহিক ভাৱে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ । এইবাৰ তেওঁ চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে মিঞাচান্দ আলীক।
অসম আৰক্ষীৰ নায়ক (UB) মিঞাচান্দ আলীক ২০২২ চনৰ ২৮ ছেপ্টেম্বৰতে উৎকোচ লোৱাৰ সময়ত হাতে-লোটে ধৰিছিল CM ভিজিলেন্সৰ দলে । আজি জি পি সিঙে টুইটাৰৰ জৰিয়তে এইগৰাকী ঘোচখোৰ আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে জি পি সিঙে নলবাৰী ঘগ্ৰাপাৰ আৰক্ষী থানাৰ কাণ্ডৰ পাছতে ২৯ জুনৰ নিশা টুইটাৰত এক আৱেগিক পোষ্ট লিখি অসম আৰক্ষীক নিকা আৰু স্বচ্ছ কৰি ৰখাৰ লগতে ৰাইজৰ কাষলৈ লৈ যোৱাৰ বাবে কঠোৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰিছিল । একেটা পোষ্টতে তেওঁ ঘগ্ৰাপাৰ আৰক্ষী থানাত ভাৰপ্ৰাপ্ত বিষয়া তথা পৰিদৰ্শক বিমান ৰয়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথাও ঘোষণা কৰিছিল।
উল্লেখ্য যে এইগৰাকী বিমান ৰয়েই ঘগ্ৰাপাৰ আৰক্ষী থানাত এগৰাকী কিশোৰীক নগ্ন কৰি মোবাইলত ফটো তুলিছিল। অৱশ্যে পৰিদৰ্শক বিমান ৰয় এতিয়াও পলাতক অৱস্থাত আছে।
ইয়াৰ পাছত জুলাই মাহৰ ২ তাৰিখে উপ-পৰিদৰ্শক নিপু কলিতাক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কথা ঘোষণা কৰিছিল আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে। এছ আই নিপু কলিতাই চাৰি কোটি টকাৰ সোণ হৰলুকী কৰাৰ এক অভিযোগত বৰ্খাস্ত হৈছিল।
নিপু কলিতাক বৰ্খাস্তকৰণৰ সন্দৰ্ভত জি পি সিঙে টুইটাৰত উল্লেখ কৰিছিল যে, বিগত ২৭ জুনত ডিপি নম্বৰৰ ০৭/২০২১ৰ লগত সম্পৰ্কিত উৎকোচ লোৱা ঘটনাৰে জড়িত থকাৰ অপৰাধত নিপু কলিতাক বৰ্খাস্ত কৰা হৈছে।
অসম সেৱা (অনুশাসন আৰু আপিল নিয়ম ১৯৬৪), অসম আৰক্ষী মেনুৱেল ভাগ ৩ৰ নিয়ম ৬৬ৰ লগতে অসম আৰক্ষী অধিনিয়ম ২০০৭ আৰু সংবিধানৰ ৩১১ ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে আৰক্ষী বিষয়া নিপু কলিতাক।
ইয়াৰ পিছতে ৩ জুলাইত জি আৰ পিৰ এছ আই বদ্ৰীপ্ৰসাদ বাৰূৱতীয়ে কনিষ্টবল সৰস্বতী হাছনুৰ একাউণ্টত ধন জমা কৰাৰ অপৰাধাত সৰস্বতী হাচনুৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
উল্লেখ্য যে ২০২১ত সোণ সৰবৰাহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বদ্ৰী প্ৰসাদ বাৰূৱতী। বদ্ৰী প্ৰসাদৰ অতি ঘনিষ্ঠ বুলি পৰিচিত সৰস্বতী হাছনু।
ইয়াৰোপৰি মঙলবাৰে উৎকোচ লৈ নিলম্বন হ’ল যান-বাহন আৰক্ষীৰ এজন জোৱান ৷ আৰক্ষী জোৱানগৰাকীৰ নাম পিংকু দাস বুলি জানিবলৈ পৰা গৈছে ৷
উল্লেখ্য যে, শিলচৰৰ কেপিটেল পইণ্টত টেক্সি চালক এজনৰ পৰা পিংকু দাসে ধন দাবী কৰি থকা দৃশ্য আৱদ্ধ হৈছিল মোবাইলৰ কেমেৰাত ৷ সমগ্ৰ দৃশ্যাংশ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিচতে ব্যৱস্থা গ্ৰহণ কৰে কাছাৰ আৰক্ষীয়ে ৷ কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মাহাতোৱে শিলচৰ দক্ষিণ অসম আৰক্ষী ৰেঞ্জৰ ডি আই জিৰ নিৰ্দেশত পিংকু দাসক চাকৰিৰ পৰা নিলম্বন কৰে ।
লগতে পঢ়ক : Jagdeep Dhankhar to visit Assam : মঙলবাৰে অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়