Local, Vocal, Global

WATCH | Dergaon News : দেৰগাঁও বানপীৰিত ৰাইজলৈ সমাজকৰ্মী বিবেক বৰাৰ উপহাৰ

দেৰগাঁও,৪জুন : দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ বানপানীত ককবকাই থকা ৰাইজলৈ বিবেক বৰাৰ উপহাৰ।

যুৱ সমাজকৰ্মী বিবেক বৰাৰ মহানুভৱতা। বানাক্ৰান্ত দানিচাপৰি নেপালী গাঁৱৰ ৰাইজলৈ নাঁও উপহাৰ। দানিচাপৰি বানেগৰকা ৰাইজৰ বহু দিনৰ অভাৱ আছিল এখন নাঁৱৰ ৷ বিপদ সংকুল ভাৱে পানীৰ মাজেৰে গঞা ৰাইজে যাতায়ত কৰিব লগীয়া হৈছিল(Dergaon News)৷

স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা ৰোগীলৈকে এখন ভোৰত পানী মাজত বিপদ সংকুল পৰিৱেশত যাতায়ত কৰিব লগীয়া হৈছিল৷

আজি বহু দিনৰ অভাৱ দূৰ হ’ল গঞা ৰাইজৰ ৷ ৰাইজৰ বাবে বিবেক বৰাই আগবঢ়ালে এখন নাঁও, যাৰ জড়িয়তে সেই অঞ্চলৰ যাতায়ত অতি সুচল হৈ পৰিব। চৰ্চা লাভ কৰিছে এই ব্যক্তিজনে।

লগতে পঢ়ক :WATCH | Titabar News : তিতাবৰৰ বৰহোলাত ONGC বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ