Local, Vocal, Global

WATCH | Titabar News : তিতাবৰৰ বৰহোলাত ONGC বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ

তিতাবৰ,৪জুন : তিতাবৰৰ বৰহোলাত ONGC বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।

স্থানীয় যুৱকক বঞ্চনা, শ্ৰম আইন উলংঘা ,সামাজিক উন্নয়ন কামৰ ক্ষেত্ৰত প্ৰতাৰণা কৰা ONGC ৰ উদীপ্ত কোম্পানী বিৰুদ্ধে গৰজি উঠিছে যুৱ ছাত্ৰ পৰিষদ ।

তিতাবৰ বৰহোলাৰ বালিজানস্থিত ONGC ৰ এটা ৰিগৰ সন্মুখত উত্তাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে(Titabar News)।

তিতাবৰ বৰহোলাস্থিত ONGCয়ে স্থানীয় লোকৰ কোনো ধৰণৰ উন্নয়ন নকৰাত ক্ষুব্ধ হৈ পৰিছে সংগঠনটো ।

ONGCৰ খাদৰ পৰা ওলাই অহা অৱশিষ্টই এই অঞ্চলত বহু লোকৰ খেতি পথাৰ নষ্ট কৰি আহিছে কিন্তু কৃষক সকলে ইয়াৰ কোনো উচিত মূল্য নিদিয়াৰ অভিযোগ ।

অতি শীঘ্ৰে ONGC য়ে এই দাবীসমুহ মানি নলয় অনাগত দিনত অৰ্থনৈতিক অৱৰোধে ONGC কাম কাজ স্তব্ধ কৰাৰ লগতে ONGC বিৰুদ্ধে জংগী আন্দোলন কৰা হুংকাৰ প্ৰদান কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰহোলা আঞ্চলিক সমিতিয়ে।

লগতে পঢ়ক : WATCH | Goreswar News : গোৰেশ্বৰত বড়ো আন্দোলনৰ প্ৰথম শ্বহীদ সুজিত নাৰ্জাৰী সোঁৱৰণী প্ৰেক্ষাগৃহ উদ্বোধন