WATCH | Dergaon News : মুৰ্মূষ অৱস্থাত উদ্ধাৰ দেৰগাঁৱৰ জেলমনি গাঁৱৰ বিশাল দাস

দেৰগাঁও,১৬এপ্ৰিল : ব’হাগৰ প্ৰথম দিনটোতেই এজন যুৱকৰ মৃ্ত্যুক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিস্থিতি ।
ঘটনা বিৱৰণি অনুসৰি, দেৰগাঁৱৰ জেলমনি গাঁৱৰ বিশাল দাস নামৰ এজন যুৱক ৯ তাৰিখে ঘৰৰ পৰা কিছু আঁতৰত এখন ক্ৰিকেট খেল চাবলৈ গৈছিল । খেল শেষ হোৱাৰ পাছত পুৱতি নিশা যুৱকজনক স্থানীয় একাংশ লোকে মূৰ্মুষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰে । কিন্তু মঙলবাৰে যুৱকজনক যোৰহাটৰ পৰা উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নি থকাৰ পথতে মৃত্যু হয়। তাৰ পাছতেই জেলমনি অঞ্চলত শোকৰ ছাঁ পৰাৰ লগতে সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ(Dergaon News)।
মৃতদেহ মৰাণৰ পৰা ঘুৰাই আনি মঙলবাৰে নিশাৰ ভাগত দেৰগাঁও থানাত সুমুৱাই স্থানীয় ৰাইজে। এক মাত্ৰ পুত্ৰৰ মৃত্যুত পিতৃ অজন্ত দাস আৰু মাতৃ ৰেখা দাস শোকত ভাঙি পৰে।
মৃত্যু হোৱা ছাত্র জনৰ উচিত তদন্তৰ বাবে দেৰগাঁও থানাত এজেহাৰ দাখিল কৰে। সেই মুহুৰ্তত থানা চৌহদৰ বাহিৰত সৃষ্টি হয় এক শোকাকুল উত্তেজনাময় পৰিস্থিতিৰ । আনহাতে বুধবাৰে জেলমনি গাঁৱৰ গাঁওবাসী দেৰগাঁও থানালৈ আহি অতি শীঘ্ৰে উচিত তদন্ত কৰি দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনায়।
লগতে পঢ়ক : WATCH | Panchayat Election 2025 : ৰাজ্যত পঞ্চায়তে পঞ্চায়তে নিৰ্বাচনী ৰণডংকা