WATCH | Dergaon News : দেৰগাঁৱৰ নাহৰণিত হজ যাত্ৰীক প্ৰশিক্ষণ আৰু সম্বৰ্ধনা অনুষ্ঠান

দেৰগাঁও,৮এপ্ৰিল : দেৰগাঁৱৰ নাহৰণিত হজ যাত্ৰীক প্ৰশিক্ষণ আৰু সম্বৰ্ধনা অনুষ্ঠান । যোৰহাট আৰু গোলাঘাট জিলাৰ ৫৭ গৰাকী হজ যাত্ৰীক বিশেষ সম্বৰ্ধনা ।
উলামা-য়ে ইছলাহে মোৱাশ্বাৰহৰ উদ্যোগত দেৰগাঁৱৰ নাহৰণি মাজগাওঁ জামাতৰ সহযোগত নাহৰণি মাজগাওঁ জামি মছজিদ প্ৰাংগণত মঙ্গলবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় প্ৰশিক্ষণ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ।
গোলাঘাট আৰু যোৰহাট জিলাৰ পৰা ২০২৫ বৰ্ষৰ পবিত্ৰ হজলৈ যাব লগা হজ যাত্ৰীক সকলক উদ্দেশ্যি অনুষ্ঠিত কৰা এই প্ৰশিক্ষণ আৰু সম্বৰ্ধনা অনুষ্ঠান উপলক্ষে পুৱা কোৰান পাঠেৰে শুভাৰম্ভণী কৰাৰ পাছতে মৌলানা আব্দুল মালিক আৰু মৌলানা আব্দুল গাফ্ফাৰে হজ যাত্ৰী সকলক প্ৰশিক্ষণ প্ৰদান কৰে(Dergaon News)।
এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত গোলাঘাট আৰু যোৰহাটৰ পৰা যাবলগীয়া মুঠ ৫৭ গৰাকী হজ যাত্ৰীক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়।
লগতে পঢ়ক : WATCH | Waqf (amendment) Act: মুছলমানে ভয় নকৰে মোডী চৰকাৰক;মুছলমানে কেৱল ভয় কৰে আল্লাহক