Deori Bihu 2024 : আজি দেউৰী সকলৰ ব’হাগ বিহু
নিউজ ডেস্ক, ১৮ এপ্ৰিল : আজি দেউৰী সকলৰ ব’হাগ বিহু । পৰম্পৰা অনুসৰি ব’হাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলে পালন কৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে পালন কৰে বিহু(Deori Bihu 2024)।
বুধবাৰে দেউৰী সকলে দেওশালত পূজা-অৰ্চনা কৰি সন্ধিয়াৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈকে ওৰেৰাতি যুৱক-যুৱতী সকলে গাঁৱৰ বৰপূজাৰীৰ ঘৰৰ চোতালত বোকা বিহু মাৰি আনন্দত মতলীয়া হয়। বৃহস্পতিবাৰে পুৱা গাঁৱৰ বয়োজ্যেষ্ঠসকলে ঘৰে ঘৰে সূৰ্যক সাক্ষী কৰি পূজা-অৰ্চনাৰ জৰিয়তে সকলোৰে মংগল কামনা কৰে । আনহাতে মহিলাসকলে ঘৰে ঘৰে তেওঁলোকৰ পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰি অতিথি আপ্যায়নৰ ব্যৱস্থা কৰে ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আজি পুৱাৰে পৰা দেউৰী ৰাইজৰ মাজত দেখা গৈছে বোকা বিহুৰ এক উৎসৱমুখৰ পৰিৱেশ ৷ বুধবাৰে নিশা দেউৰী জনগোষ্ঠীৰ পৰম্পৰাৰ ৰীতি-নীতি অনুসৰি বিহু আৰম্ভ কৰাৰ পিচতে আজি পুৱাৰে পৰা গাঁৱৰ মুখীয়ালৰ ঘৰৰ চোতালত ডেকা-গাভৰু,বোৱাৰী-শিশুকে ধৰি সকলোৱে বোকা বিহুৰে ইজনে-সিজনক বোকা সানি বিহুৰ শুভেচ্ছা জনাইছে । লহৰীয়া আবৰবৰ গাই নাচি দেউৰী জনগোষ্ঠীৰ প্ৰাণৰ ব’হাগ বিহুটি পালন কৰি আনন্দত আত্মহাৰা হৈ পৰিছে ৷