Dengue outbreak : এইবাৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ; ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ডেংগু
নিউজ ডেস্ক, ২৯ছেপ্টেম্বৰ : এইবাৰ ৰাজ্যত ডেংগুৰ প্ৰাদুৰ্ভাৱ(Dengue outbreak)। ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ডেংগু । মেৰাপানীত ডেংগুৰ সংহাৰী ৰূপ ।
একেখন গাঁৱৰে পাঁচজনকৈ লোক আক্ৰান্ত হৈছে মহামাৰী ৰোগত। মেৰাপানীৰ ২ নং ওপৰ তৰাণিত দ্ৰুত গতিত বৃদ্ধি পাইছে ডেংগু ৰোগৰ প্ৰাৰ্দুভাৱ । ২ নং ওপৰ তৰাণিৰ পাঁচজনকৈ লোক এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ(Dengue outbreak in Merapani) ।
জানিব পৰা মতে, ডেংগু ৰোগত আক্ৰান্ত হৈ অঞ্চলটোৰ চাৰিগৰাকী লোক যোৰহাট আৰু গোলাঘাটৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷ লগতে আন এজন লোক নিজ গৃহতে চিকিৎসাধীন অৱস্থাতে আছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে মেৰাপানীৰ ২ নং ওপৰ তৰাণিৰ গাঁও প্ৰধানগৰাকীয়ে(Dengue outbreak) ৷
ইফালে উক্ত অঞ্চলটোত এই ৰোগবিধ প্ৰতিৰোধ কৰিবৰ বাবে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা কোনোধৰণৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে । সেয়ে অতি সোনকালে এই ৰোগবিধ প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে(Dengue outbreak in Merapani) ।
লগতে পঢ়ক :Dengue outbreak : এইবাৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ; ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ডেংগু