Dengue cases in Bengal top 38000 mark : পশ্চিম বংগত ডেংগুৰ সংহাৰী ৰূপ;আক্ৰান্ত ৩৮,০০০ লোক
নেশ্যনেল ডেস্ক,২৬ছেপ্টেম্বৰ : এইবাৰ ডেংগুৰ প্ৰাদুৰ্ভাৱ । ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ডেংগু । দেশত বৃদ্ধি পাইছে ডেংগুত আক্ৰান্ত হোৱা লোকৰ সংখ্যা।
এইবাৰ পশ্চিম বংগত ডেংগুৱে লৈছে সংহাৰী ৰূপ ।ৰাজ্যখনত এতিয়ালৈকে ৩৮,০০০ লোক আক্ৰান্ত হৈছে ডেংগুত(Around 38000 dengue cases reported in Bengal) ।
ডেংগুৱে যেন জিলাখনত এক আতংকময় পৰিৱেশ সৃষ্টি কৰিছে । ডেংগুৰ আতংকই জিলা স্বাস্থ্য বিভাগৰ লোকক উদ্বিগ্ন কৰি তুলিছে ।
উল্লেখ্য যে, ৰাজ্যখনত বিগত ২০ ছেপ্টেম্বৰলৈকে প্ৰায় ৩৮,০০০ ডেংগু ৰোগীৰ পঞ্জীয়ন কৰাৰ খবৰে চিন্তিত কৰি তুলিছে স্বাস্থ্যখণ্ডক। এই ৰোগৰ অধিক প্ৰভাৱ পৰা দেখা গৈছে কলকাতা চহৰত।
প্ৰাপ্ত তথ্য অনুসৰি, ৰাজ্যখনৰ উত্তৰ ২৪ পৰগণাছ জিলাত ৮৫৩৫ গৰাকী ডেংগু ৰোগী পঞ্জীয়ন কৰাৰ বিপৰীতে কলকাতাত ৪৪২৭ গৰাকী, মুৰ্শিদাবাদত ৪২৬৬ গৰাকী, নাদিয়াত ৪২৩৩ গৰাকী আৰু হুগলীত ৩০৮৩ গৰাকী ৰোগীৰ পঞ্জীয়ন কৰা হৈছে(Dengue infections and deaths rise, Kolkata Municipal Corporation pulls up its socks)।
স্বাস্থ্যখণ্ডৰ বিষয়াই জনোৱা অনুসৰি, বাংলাদেশৰ পৰা এই ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিছে ৰাজ্যখনলৈ।
ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰৰ তথ্য অনুসৰি, পশ্চিম বংগত বিগত বছৰত ৬৭,২৭১গৰাকী ডেংগু ৰোগী পঞ্জীয়ন কৰা হৈছিল যদিও তাৰে ৩০গৰাকী লোকৰ মৃত্যু পঞ্জীয়ন কৰা হয়। এই তথ্য অনুসৰি পশ্চিম বংগই দেশৰ ভিতৰত সৰ্বাধিক ডেংগু ৰোগত আক্ৰান্ত ৰাজ্য।
আনহাতে চলিত বৰ্ষত ৰাজ্যখনৰ ১৩ৰ পৰা ২০ ছেপ্টেম্বৰৰ ভিতৰত প্ৰায় ৭০০০ ৰোগী এই ৰোগত আক্ৰান্ত হোৱাৰ পঞ্জীয়ন কৰিছে। স্বাস্থ্য বিষয়াই জনোৱা অনুসৰি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দক্ষিণ বংগৰ ১৫খন জিলা । য’ত ৩৪,৯০৫গৰাকী ৰোগী আক্ৰান্ত হোৱা বুলি ধৰা পৰিছে(Dengue cases in Bengal top 38000 mark)।
লগতে পঢ়ক:UP Shocker : ওৰে নিশা AC ত থকাৰ বাবে মৃত্যু দুটি শিশুৰ