Local, Vocal, Global

UP Shocker : ওৰে নিশা AC ত থকাৰ বাবে মৃত্যু দুটি শিশুৰ

নেশ্যনেল ডেস্ক, ২৫ছেপ্টেম্বৰ : চিকিৎসালয়ত মৃত্য়ু দুটি নৱজাতকৰ(UP Shocker) । ওৰে নিশা AC অন কৰি থোৱাৰ বাবে নৱজাতক দুটিৰ মৃত্য়ু হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ । এখন ব্যক্তিগত চিকিৎসালয়ৰ ওপৰত উঠিছে এই গুৰুতৰ অভিযোগ(2 newborn Babies die of Cold as Doctor leaves AC on while sleeping at private Clinic in Shamli) ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ ছামলীৰ এখন ব্যক্তিগত ক্লিনিকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে । চিকিৎসক তথা কৰ্মচাৰীৰ হেমাহীৰ বাবে দুটি শিশুৱে প্ৰাণ হেৰুৱাবলীয়া হয় ।

জানিব পৰা মতে, এখন চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জন্মগ্ৰহণ কৰিছিল নৱজাতকৰ দুটিয়ে । কিন্তু শনিবাৰে স্বাস্থ্যজনিত কাৰণবশতঃ কৈৰানাৰ চৰকাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জন্মগ্ৰহণ কৰা কেঁচুৱা দুটিক এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয় ।

শিশু দুটিক চিকিৎসাললৈ লৈ গৈ ফটোথেৰাপি ইউনিটত ৰখা হৈছিল । শিশু দুটিৰ স্বাস্থ্যৰ চিকিৎসাৰ বাবে ফটোথেৰাপি ইউনিটত ৰখা হৈছিল। শনিবাৰে নিশা ক্লিনিকৰ মালিক ডাঃ নীতুৱে বিচৰাৰ বাবে গোটে নিশা এয়াৰ কণ্ডিচনাৰ (এচি) চলাই ৰাখিছিল । দেওবাৰে পুৱা নৱজাতক দুটিক মৃত অৱস্থাত দেখা পায় পৰিয়ালৰ লোকে । তাৰ পিছতে পৰিয়ালৰ লোকে ব্যক্তিগত ক্লিনিকখনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । এজাহাৰৰ ভিত্তিত পৰিয়ালৰ লোকে কয় য়ে, ক্লিনিকখনৰ হেমাহীৰ বাবে দুটি শিশুৱে প্ৰাণ হেৰুৱাবলীয়া হয় ।

চিকিৎসকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়নএছ এইচ অ’ (কাইৰানা) নেত্ৰাপাল সিঙে কয় যে, শিশুকেইটাৰ পৰিয়ালে দাখিল কৰা এজাহাৰৰ ওপৰত ৩০৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ক্লিনিকৰ মালিক ডাঃ নীতুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

ইফালে স্বাস্থ্য বিভাগে ঘটনা সন্দৰ্ভত তদন্তৰ নিৰ্দেশ দিয়ে অতিৰিক্ত মুখ্য চিকিৎসা বিষয়াক । এই গোচৰত দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয় ড০ অশ্বনী শৰ্মাই।

লগতে পঢ়ক :Bihar Horror : মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে পাটনাত