Local, Vocal, Global

Delhi Crime: চন্দুকত উদ্ধাৰ দুটি শিশুৰ মৃতদেহ

নেশ্যনেল ডেস্ক, ৭ জুন : দিল্লীৰ জামিয়া নগৰত সংঘটিত হয় চাঞ্চল্যকৰ ঘটনা (Shocking incident took place in Jamia Nagar in Delhi) । অঞ্চলটোত এটা ঘৰৰ ভিতৰত থকা এটা চন্দুকৰ ভিতৰত আবদ্ধ হৈ থকাৰ অৱস্থাত দুটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Delhi Crime)। দুয়ো দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ঘৰৰ পৰা খেলিবলৈ বুলি ওলাই গৈছিল । বহু সময় ধৰি ঘৰলৈ ঘূৰি নহাত তেওঁলোকৰ সন্ধান আৰম্ভ কৰা হয় । বহু সময় বিচাৰ খোচাৰ কৰাৰ অন্তত ভাই-ভনী দুয়োৰে মৃতদেহ এটা বাকচৰ ভিতৰত আবদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ কৰা হয় (Bodies of two children found trapped in a Wooden box) । লগে লগে তেওলোকক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । কণমানি দুটিৰ পৰিচয় ৮ বছৰীয়া নীৰজ আৰু ৬ বছৰীয়া আৰতি বুলি জানিব পৰা গৈছে ।

দক্ষিণ-পূব দিল্লীৰ উপ আৰক্ষী আয়ুক্তগৰাকীয়ে জনোৱা মতে (DCP of South-East Delhi), প্ৰাথমিক তদন্তত শিশুদুটিৰ দেহত কোনো ধৰণৰ আঘাতৰ চিন পোৱা নগ’ল । আকস্মিকভাৱে দুয়োৰে শ্বাস প্ৰশ্বাস বন্ধ হৈ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে । শিশুদুটিৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ লগতে তদন্তৰ বাবে সেই স্থানত উপস্থিত হোৱা এফ এছ এল (Forensic Science Laboratory) আৰু অপৰাধ অনুসন্ধান শাখাৰ দলে কৰা অনুসন্ধানৰ প্ৰতিবেদন পোৱাৰ পাছতে এই বিষয়ত অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

উপ আৰক্ষী আয়ুক্তগৰাকীয়ে লগতে জনোৱা মতে, মঙলবাৰে বিয়লি প্ৰায় ৪ বজাত জামিয়া নগৰ আৰক্ষীয়ে এফ ২ জোগাবাই এক্সটেনচন গৃহত দুটি শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাৰ তথ্য লাভ কৰিছিল (Body found in Jamia Nagar)। ঘৰটোত ৰখা এটা পুৰণি কাঠৰ বাকচত উদ্ধাৰ হৈছিল শিশু দুটিৰ মৃতদেহ ।

জানিব পৰা মতে, মাক দেউতাকৰ সৈতে দুপৰীয়াৰ আহাৰ খোৱাৰ পাছতে দুয়ো ওলাই গৈছিল । ইফালে যিটো চৌহদৰ ঘৰৰ ভিতৰত সন্তান দুটিৰ মৃতদেহ উদ্ধাৰ হৈছে, সেই চৌহদটোত তেওলোকৰ দেউতাক বলবীৰে চকীদাৰ হিচাপে কাম কৰে । সেই সূত্ৰে সেই স্থানতে পত্নী আৰু সন্তানদুটিৰে বলবীৰ বসবাস কৰি আহিছিল ।

তেওঁ আৰক্ষীক জনোৱা মতে, দুপৰীয়া প্ৰায় তিনি বজাত দুয়োটা ল’ৰা-ছোৱালীয়ে একেলগে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিছিল । ইয়াৰ পিছত দুয়ো ককাই ভনীয়েকে প্ৰায় ৩.৩০ বজাত খেলিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল । কিছুসময়ৰ পাছত যেতিয়া বলবীৰে তেওলোকৰ ঘৰৰ পৰা ওলাই আহি ল’ৰা-ছোৱালীদুটাক দেখা নাপাই চাৰিওফালে বিচাৰ খোচাৰ কৰিবলৈ আৰম্ভ কৰে । কিছু সময়ৰ অন্তত দুয়োটি শিশুকে অভিসপ্ত ঘৰটোৰ ভিতৰত থকা এটা চন্দুকৰ ভিতৰত অচেতন অৱস্থাত উদ্ধাৰ কৰে । লগে লগে শিশুদুটিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোক দুয়োকে মৃত বুলি ঘোষণা কৰে ।

লগতে পঢ়ক: Train Carrying LPG Derails In Madhya Pradesh : এটাৰ পাছত আনটো ৰে’ল দুৰ্ঘটনাই জোকাৰিছে সমগ্ৰ দেশ