Local, Vocal, Global

Train Carrying LPG Derails In Madhya Pradesh : এটাৰ পাছত আনটো ৰে’ল দুৰ্ঘটনাই জোকাৰিছে সমগ্ৰ দেশ

নেশ্যনেল ডেস্ক, ৭ জুন : ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ মাৰ নৌযাওতেই পুনৰ এটাৰ পিছত আনটো ৰে’ল দুৰ্ঘটনা সংঘটিত হৈ আছে (Odishsa Yrain Accident) ।

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ পাছত নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় ৰে’লৱে মন্ত্ৰী অশ্বিণী বৈষ্ণৱৰ পদত্যাগৰ দাবীত মুখৰিত হৈছিল বিৰোধী দলসমূহ (Railway minister Ashwini Vaishnaw) । পূৰ্বৰ হোৱা ৰে’ল দুৰ্ঘটনাসমূহৰ উদাহৰণ দি মন্ত্ৰীগৰাকীক পদত্যাগৰ দাবী জনোৱাৰ পাছতো নিজৰ স্থিতিত অটল আছিল ৰে’লৱে মন্ত্ৰীগৰাকী ।

কিন্তু ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ পাছত দুৰ্ভাগ্যক্ৰমে দেশত বৃদ্ধি পাবলৈ ধৰিছে ৰে’ল দুৰ্ঘটনা । যাৰ সমান্তৰালকৈ ৰে’লৱে মন্ত্ৰীগৰাকীৰ পদত্যাগৰ দাবীও তীব্ৰতৰ হৈ উঠিছে । ইয়াৰ পিছতেই প্ৰশ্ন উত্থাপন হৈছে যে এই দুৰ্ঘটনাসমূহ কেৱল কাকতালীয় সংযোগ নে সমগ্ৰ বিভাগটো চূড়ান্ত অমনোযোগিতাৰ বাবে হৈ আছে ।

উল্লেখ্য যে, যি সময়ত ওড়িশাৰ দুৰ্ঘটনাটোৰ পাছত ৰে’ল খুবেই সাৱধান হ’ব লাগিছিল বিভাগটো সেই সময়তেই সোমবাৰে সন্ধিয়া আন এক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগীয়া হয় দুই ৰে’লৱে কৰ্মচাৰীয়ে । ইয়াৰ ওপৰিও আন এজন কৰ্মচাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতেই আন দুজন কৰ্মচাৰী সামান্যৰূপে আঘাতপ্ৰাপ্ত হয় ।

তথ্য অনুসৰি, মধ্য প্ৰদেশৰ ভোমা ৰে’ল ষ্টেচনৰ সমীপত নয়নপুৰৰ পৰা চেউনী অভিমুখে ৰাওনা হৈছিল ৰে’লৰ এটা ইঞ্জিন । আনহাতে, একে সময়তেই ৰে’ল পথ পৰীক্ষাৰ বাবে ব্যৱহাৰ হোৱা এখন ট্ৰ’লীত পাঁচজনকৈ লোকে ভোমাৰ পৰা চেউনীলৈ যাত্ৰা আৰম্ভ কৰিছিল ।

ভোমাৰ সমীপতেই থকা ৰে’লপথটো কিছু ঠাইলৈ আংশিকভাৱে এটা কেকুৰিৰ বাবে অদৃশ্য হৈ পৰে । অৰ্থাৎ সন্মুখৰ পৰা কোনোবা আহিলেও গম পোৱা নাযায় । সেই কেকুৰিটোতেই ট্ৰ’লী আৰু ইঞ্জিনটো মাজত মুখামুখি সংঘৰ্ষত লিপ্ত হয় ফলত ট্ৰ’লীখনত থকা দুজনকৈ লোক থিতাতে নিহত হয় । আনহাতে তিনিগৰাকী ব্যক্তি আহত হয় ।

আহত হোৱা আন তিনিগৰাকী ব্যক্তিয়ে জনোৱা অনুসৰি, শেষ মুহুৰ্তত তেওঁলোকে ট্ৰ’লীৰ পৰা জপিয়াই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় ।

আনহাতে ওড়িশাৰ বালাছ’ৰত সংঘটিত হোৱা ট্ৰিপল ৰে’ল দুৰ্ঘটনাৰ মাৰ নাযাওতেই বুধবাৰে ক্ষন্তেকতে এল পি জি ৰেকৰ দুখন ৱেগন আনলোডিঙৰ বাবে ৰখাৰ সময়ত ৰে’ল ট্ৰেকৰ পৰা বাগৰি যায় ফলত সংঘটিত হয় এই ৰে’ল দুৰ্ঘটনাটো । এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত ।

খবৰ অনুসৰি জবলপুৰ জিলাৰ শ্বাহপুৰা ভিটনিস্থিত ভাৰত পেট্ৰলিয়াম ডিপোৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে ভাৰত পেট্ৰলিয়াম ইউনিটৰ মূল গেটৰ সমীপত মাল ট্ৰেইনখনে কাৰখানাত ৰেক খালী কৰিবলৈ গৈ থকা অৱস্থাত দুটা এল পি জি ৰেক ৰেলপথৰ পৰা ওলাই যায়। এই প্ৰক্ৰিয়াত ৰেলখনৰ ডবা ৰেলপথৰ পৰা আঁতৰি যায়। ঘটনাৰ পিছতে গভীৰ নিশালৈ ৰে’লৱেৰ বিষয়াসকলে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ পুনৰুদ্ধাৰৰ কামৰ তদাৰক কৰে।

ইফালে শ্বাহপুৰাৰ ভিটোনী ষ্টেচনত গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে দুৰ্ঘটনাত কোনো ধৰণৰ হতাহতি হোৱা নাই ।

ইয়াৰ পূৰ্বে হাওৰালৈ যোৱাৰ পথত ১২৮৬৪ নং বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছৰ কেইবাখনো ডবা ৰেলপথৰ পৰা ওলাই আহি ওড়িশাৰ বালাছ’ৰৰ কাষৰীয়া ট্ৰেকত পৰি যায় । সমান্তৰাল ট্ৰেকত বিপৰীত দিশৰ পৰা আহি থকা ১২৮৪১ নম্বৰৰ শালীমাৰ-চেন্নাই চেণ্ট্ৰেল ক’ৰ’মেণ্ডেল এক্সপ্ৰেছ গাড়ীখন ৰেলপথৰ পৰা ওলাই যোৱা ডবাবোৰত খুন্দা মাৰে। ক’ৰ’মেণ্ডেল এক্সপ্ৰেছৰ কিছুমান ডবা ৰেলপথৰ পৰা নামি তৃতীয় ট্ৰেকত স্থবিৰ সামগ্ৰীৰ ৰে’লখন খুন্দা মাৰে।

২ জুনৰ নিশা সংঘটিত হোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনাত প্ৰায় ৩০০ লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৯০০ৰো অধিক লোক আহত হয়। উপলব্ধ অভিলেখ অনুসৰি ভাৰতৰ চতুৰ্থ মাৰাত্মক এই ৰেল দুৰ্ঘটনাটো সংঘটিত হয় কলকাতাৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দক্ষিণে আৰু ভুৱনেশ্বৰৰ পৰা ১৭০ কিলোমিটাৰ উত্তৰে বালাসোৰ জিলাৰ বাহানাগা বাজাৰ ষ্টেচনৰ সমীপত সন্ধিয়া প্ৰায় ৭ বজাত।

লগতে পঢ়ক : Army trashes reports: অসম ৰেজিমেণ্ট আৰু মণিপুৰ আৰক্ষীৰ সংঘৰ্ষৰ বাতৰিক নস্যাৎ সেনাৰ